মৃগী ৰোগ
ডাঃ ৰাজীৱ লোচন শৰ্মা
মগজুৰ ভিতৰত থকা স্বাভাৱিক বৈদ্যুতিক বা ইলেক্ট্রিকেল ক্রিয়াৰ বিসংগতিৰ ফলত মৃগী ৰোগ হোৱা দেখা যায়৷ ইয়াক চিকিৎসা বিজ্ঞানত এপিলেপ্চি বুলি কয়৷ ই কেইবা প্রকাৰৰঃ
(১) টনিক ক্লনিক চিজিডৰ৷
(২) ফ’কেল, কমপ্লেক্স পার্র্ছেল চিজিডৰ৷
(৩) এব্ছেনছ টিজিডৰ আদি৷
টনিক ক্লনিক চিজিডৰঃ ইয়াত গোটেই শৰীৰটো ঠৰঙা হৈ পৰে বা টান হৈ পৰে৷ তাৰ পিছত গোটেই শৰীৰৰ মাংসপেশীৰ সংকোচনৰ ফলত গাটো জিকাৰ খাই ডঠে৷
ফ’কেল চিজিডৰঃ ইয়াত হাত–ভৰি কোঁচ খোৱা বা গা ঠৰঙা হৈ পৰা ধৰণৰ লক্ষণ দেখা নাযায়৷ ইয়াত ব্যক্তিজনৰ খন্তেক সময়ৰ বাবে স্বাভাৱিক অৱস্থাৰ পৰা বিচ্যুতি ঘটে৷ অসংলগ্ণ ব্যৱহাৰ বা সঁহাৰি বা বাহ্যিক বিশৃংখলতা ব্যক্তিজনৰ ক্ষেত্রত দেখা নাযায়৷
এব্ছেনছ চিজিডৰঃ এনেধৰণৰ চিজিডৰ শিশুৰ ক্ষেত্রত দেখা যায়৷ হাত–ভৰি কোঁচ খোৱা বা ঠৰঙা হোৱা দেখা নাযায়৷ অলপ সময়ৰ বাবে শিশুটি ক’ব নোৱাৰা হয়৷ এনে লাগে যেন দিবাস্বপ্ণতহে বিভোৰ শিশুটি৷
লক্ষণসমূহঃ টনিক ক্লনিক চিজিডৰকে বহুতে মৃগী ৰোগ বোলে৷ ইয়াৰ চাৰিটা অৱস্থা দেখিবলৈ পোৱা যায়৷
(ক) ব্যক্তিজনে নিজে মৃগীৰ আগজাননী পায়৷ তেওঁলোকে অনুমান কৰিব পাৰে যে কেইছেকেণ্ডমানৰ পিছতেই তেওঁলোকৰ চিজিডৰ আৰম্ভ হ’ব৷ তেনে অৱস্থাত ব্যক্তিজনে দৌৰি নিৰাপদ ঠাই বা ঘৰলৈ আহে৷ ইয়াক ‘অ’ৰাহ’ বোলে৷
(খ) মগজুৰ ভিতৰত ক্রিয়া কৰা বৈদ্যুতিক শক্তিৰ ফলত মাংসপেশীৰ সংকোচন আৰম্ভ হয়৷ ব্যক্তিজনে চিঞৰ মাৰি মাটিত বাগৰি পৰে৷ ইয়াক ‘টনিক ফেজ’ বোলে৷ মাংসপেশী ঠৰঙা হৈ পৰে৷ হাত–ভৰি কোঁচ খাই যায়৷ ইয়াক ক্লনিক ফেজ বোলে৷ ডশাহ বন্ধ হৈ পৰে৷ মুখেৰে ফেন ওলায়৷ ওঁঠ বা জিভা কামোৰ খালে তেজ ওলাব পাৰে৷ কেতিয়াবা কেতিয়াবা নিজে নিজে পেচাব, পায়খানা, ক’ব নোৱাৰাকৈ কৰিব পাৰে৷
(গ) ‘চিজিডৰ ফেজ’ পাৰ হোৱাৰ পিছত মানুহজন অচেতন হৈ পৰে৷
(ঘ) অচেতন অৱস্থা পাৰ হোৱাৰ পিছত মানুহজন গভীৰ নিদ্রাত পৰে৷
এই গোটেই প্রক্রিয়াটো ৩০ ছেকেণ্ডৰ পৰা ৫ মিনিটৰ সময়জুৰি চলি থাকে৷
প্রাথমিক চিকিৎসাঃ
ব্যক্তিজনৰ লগত ‘এপিলেপচি’ আইডেণ্টিটী কার্ড বা পৰিচয়–পত্র আছে নেকি মন কৰক৷
লোকজন যাতে মজিয়াত পৰি নাযায় তালৈ মন কৰক৷ সাৱধানেৰে মজিয়াত শুৱাই দিয়ক৷ আঘাত যাতে নাপায় তালৈ মন কৰক৷ দুখ পাব পৰা বস্তু যেনে– চোকা অস্ত্র, দা, কটাৰি, আচবাব পত্র মানুহজনৰ পৰা আঁতৰত ৰাখক৷
চিজিডৰ আৰম্ভ হোৱাৰ সময় লিপিবদ্ধ কৰক৷
শ্বাসনলী মুক্ত কৰি ৰাখিব লাগে৷ টান কপোৰ থাকিলে ঢ়িলা কৰি দিব লাগে৷
মূৰত যাতে আঘাত নাপায়, গাৰু বা কাপোৰ মেৰিয়াই মূৰৰ তলত ৰাখক৷
চিজিডৰ বন্ধ হোৱাৰ পিছত ব্যক্তিজনক ‘ৰিক’ভেৰী’ অৱস্থানত শুৱাই দিব লাগে৷ নাডীৰ গতি, শ্বাস–প্রশ্বাস মন কৰক৷ প্রয়োজন অনুসাৰে মুখত মুখ লগাই ডশাহ দিয়ক৷ মুখত কিবা থাকিলে ডলিয়াই আনক৷
হুলস্থূল নকৰি ব্যক্তিজনক জিৰণি ল’বলৈ দিয়ক৷
অভয় দান কৰাটো অতি জৰুৰী৷
ৰোগীজনৰ শালীনতা ৰক্ষা কৰাটো অতি দৰকাৰী বিষয়৷ ‘চিজিডৰ’ হোৱা সময়ত গাৰ কাপোৰ–কানি ঠিক ঠাইত নাৰাখিব পাৰে৷ ইয়াক ভালদৰে পৰিপাটি কৰি ৰখাটো প্রাথমিক চিকিৎসা দিওঁতাজনৰ কর্তব্য৷
‘চিজিডৰ’ আৰম্ভ হোৱাৰ পৰা শেষ নোহোৱালৈকে ব্যক্তিজনক সংগ দিব লাগে৷ কেতিয়াও অকলশৰীয়া অৱস্থাত এৰিব নালাগে৷
কেতিয়াও নকৰিব
মানুহজনক দৰকাৰ নহ’লে এঠাইৰ পৰা আন ঠাইলৈ নিব নালাগে৷
মুখত একো বস্তু সুমুৱাই দিব নালাগে৷ বহুতে চামুচ আদি বস্তু সুমুৱাই মুখখন মেলি ৰাখিব বিচাৰে৷ এয়া কৰিব নালাগে৷ ইয়ে মুখৰ ভিতৰত আঘাতহে কৰিব৷
মানুহজনক জোৰকৈ হেঁচা মাৰি ধৰিব নালাগে৷ এনে কৰিলে ৰোগীজনৰ লগতে নিজৰো হাড ভাগিব পাৰে৷
মুখেৰে একো বস্তু খাব দিব নালাগে যেতিয়ালৈকে ‘চিজিডৰ’ৰ পৰা সম্পূর্ণভাৱে মুক্ত নহয়৷
চিজিডৰ হোৱা সময়ত ‘চি পি আৰ’ পদ্ধতি প্রয়োগ নকৰিব৷
‘হুইল চেয়াৰ’ বা গাডীৰ আসনত বহি থাকোঁতে মৃগী ৰোগত আক্রান্ত হ’লে
ব্যক্তিজনক বহি থকা ঠাইতে থাকিবলৈ দি ‘ছীট বেল্ট’ বান্ধি দিব লাগে৷ ‘হুইল চেয়াৰৰ’ ব্রেক টানিব লাগে যাতে চকীখন লৰচৰ নহয়৷
ব্যক্তিজনক একাষৰীয়া কৰি দিব লাগে৷ যাতে মুখৰ ভিতৰত জমা হোৱা বমি, খোৱা বস্তু ওলাই আহিব পাৰে৷
মূৰটো ক’তো খুন্দা নোখোৱাকৈ ৰাখিব লাগে৷
শ্বাসনলী মুক্ত কৰি ৰখাটো অতি দৰকাৰী৷
গাৰ কঁপনি বন্ধ হৈ যোৱাৰ পিছত চকীৰ পৰা সাৱধানেৰে দাঙি মজিয়াত ৰিক’ভেৰী অৱস্থানত শুৱাই দিব লাগে৷
কেতিয়া চিকিৎসকৰ পৰামর্শ ল’বঃ
১০৮/এম্বুলেঞ্চক খবৰ দিয়ক যদিহে
ব্যক্তিজন প্রথমবাৰৰ বাবে মৃগী ৰোগত আক্রান্ত হৈছে৷
চিজিডৰ ৫ মিনিটতকৈ বেছি সময়জুৰি অব্যাহত আছে৷
এটা চিজিডৰ শেষ নৌহওঁতেই আন এটা চিজিডৰ আৰম্ভ হ’লে৷
ব্যক্তিজনৰ চিকিৎসকৰ সহায়ৰ প্রয়োজন বুলি লগত থকা মানুহজনে বিশ্বাস কৰিলে৷
চিজিডৰ শেষ হোৱাৰ পিছতো ডশাহ লোৱাত অসুবিধা হ’লে৷
চিজিডৰ শেষ হোৱাৰ ৫ মিনিট পিছতো ৰোগীজনে মাতবোল নকৰিলে৷
পানীত থকা সময়ত মৃগী ৰোগত আক্রান্ত হ’লে৷
চিজিডৰৰ সময়ত আঘাত পালে তৎক্ষণাত চিকিৎসকৰ পৰামর্শ লোৱাটো যুগুত৷
মাইনৰ ফিট বা ফ’কেল চিজিডৰ
আক্রান্ত ব্যক্তিজনে অলপ সময়ৰ বাবে পাহৰি যায় তেওঁ কি কৰি আছিল৷ তেওঁৰ চাৰিওফালে ঘটি থকা পৰিঘটনা অলপ সময়ৰ বাবে পাহৰি পুনৰ স্বাভাৱিক হৈ পৰে৷ এনে লাগে যেন মানুহজনে দিবাস্বপ্ণহে দেখিছে৷
এনেক্ষেত্রত লোকজনক তেওঁৰ কি হৈছিল বুজাই দিব লাগে আৰু চিকিৎসকৰ পৰামর্শ ল’বৰ বাবে ক’ব লাগে৷ মাইনৰ ফিট, সময়ত চিকিৎসা নকৰিলে পৰিস্থিতি বিষম হ’ব পাৰে৷
শিশুৰ ক্ষেত্রত চিজিডৰ হ’লে
কেঁচুৱা বা সৰু ল’ৰা–ছোৱালী অতিপাত গৰমৰ বাবে চিজিডৰত আক্রান্ত হ’ব পাৰে৷ অতিপাত জ্বৰ ডঠিলে বা জ্বৰ ডঠাৰ সময়ত অধিক কাপোৰ পিন্ধোৱাৰ ফলত চিজিডৰ আৰম্ভ হ’ব পাৰে৷ ইয়াৰ লক্ষণসমূহ মৃগী ৰোগৰ দৰেই৷
প্রাথমিক চিকিৎসাঃ
শিশুটি যাতে কোনো বস্তুত খুন্দা খাই আঘাত নাপাই তালৈ মন কৰক৷
গাৰ অতিৰিক্ত কানি কাপোৰ খুলি দিয়ক যাতে গাটো ঠাণ্ডা পৰে৷
কাপোৰ পানীত তিয়াই গা, মূৰ, ভৰি মচি দিয়ক৷ এনেদৰে বাৰে বাৰে গা মূৰ মচি দিলে শৰীৰৰ ডষতা কমি যায়৷
চিজিডৰ বন্ধ হোৱাৰ পিছত ডশাহ–নিশাহ নাডীৰ গতি মন কৰক৷
ৰিক’ভেৰী অৱস্থানত কেঁচুৱাটিক শুৱাই দিয়ক৷
শুকান পাতল কাপোৰ পিন্ধাওক৷
চিকিৎসকৰ পৰামর্শ লওক৷