স্বামীৰ সন্মুখতে পত্নীক নিৰ্যাতন উত্তৰ প্রদেশত
🔹 বিহপান কৰি আত্মহনন দম্পতীৰ : ২ অভিযুক্তক গ্রেপ্তাৰ
বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰ : স্বামীৰ সন্মুখতে পত্নীক নিৰ্যাতন চলাইছিল দুর্বৃত্তই৷ এই ঘটনাৰ পিছতে পত্নীক লগত লৈ বিহপান কৰি আত্মহননৰ চৰম পথ বাছি লয় দুর্ভগীয়া স্বামীয়ে৷ মর্মান্তিক এই ঘটনাটো সংঘটিত হৈছে উত্তৰ প্রদেশৰ বস্তি জিলাৰ এখন গাঁৱত৷ এই ঘটনাত জড়িত থকাৰ অভিযোগত দুজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, যোৱা ২০ ছেপ্টেম্বৰৰ মাজনিশা দুই অভিযুক্তই আত্মঘাতী হোৱা দম্পতীৰ বাসগৃহত প্রৱেশ কৰিছিল৷ স্বামীৰ সন্মুখতে পত্নীক নিৰ্যাতন চলাইছিল দুয়োটা দুর্বৃত্তই৷ এই ঘটনাৰ কেইঘণ্টামান পিছতে স্বামী–স্ত্রীয়ে বিহপান কৰি আত্মহনন কৰে৷ আত্মহননৰ সময়ৰ এক ভিডিঅ’ ৰেকর্ড কৰিছিল স্বামীয়ে৷ তাত দুই অভিযুক্তৰ নাম উল্লেখ কৰে৷ সেই ভিডিঅ’টো উদ্ধাৰ কৰে আৰক্ষীয়ে৷ উল্লেখনীয় যে আত্মঘাতী হোৱা দম্পতীৰ ৩টা সন্তানো আছে৷