চাকৰি লাগে ! মোদীৰ কনভয়ৰ সন্মুখত জাঁপ যুৱকৰ
🔹 প্রধানমন্ত্রীৰ সমষ্টি বাৰাণসীত অভাৱনীয় ঘটনা
বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : পুনৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নিৰাপত্তা উলংঘা৷ পঞ্জাবৰ পিছত এইবাৰ প্রধানমন্ত্রীৰ সংসদীয় সমষ্টি বাৰাণসীত ঘটিছে এই ঘটনা৷ ভাৰতীয় সেনাত চাকৰি বিচাৰি প্রধানমন্ত্রীৰ গাড়ীৰ কনভয়ৰ সন্মুখত জঁপিয়াই পৰে এজন যুৱক৷ প্রধানমন্ত্রীৰ গাড়ীৰ সৈতে যুৱকজনৰ দূৰত্ব আছিল মাত্র ২০ মিটাৰ৷ অৱশ্যে নিৰাপত্তাৰক্ষীয়ে তাৎক্ষণিকভাৱে যুৱকজনক আঁতৰাই নিয়ে৷ পৰহি বাৰাণসীত একাধিক কার্যসূচী আছিল প্রধানমন্ত্রী মোদীৰ৷ ৰুদ্রাক্ষ ইণ্টাৰনেচনেল কো–অপাৰেচন এণ্ড কনভেনচন চেণ্টাৰৰ কাষৰ পৰা প্রধানমন্ত্রীৰ কনভয় যোৱাৰ সময়ত যুৱকজনে এনেদৰে জঁপিয়াই পৰে৷ ইতিমধ্যে যুৱকজনক জেৰা আৰম্ভ কৰিছে আৰক্ষীয়ে৷ উত্তৰ প্রদেশৰ গাজীপুৰৰ বাসিন্দা এই যুৱকজনৰ নাম কৃষ্ণ কুমাৰ৷ প্রধানমন্ত্রী মোদীৰ সৈতে দেখা কৰিবলৈ বাৰাণসীলৈ আহিছিল এই যুৱকজন৷ সেনাৰ লিখিত পৰীক্ষাত উত্তীর্ণ হৈও মেডিকেল টেষ্টত ব্যর্থ হয় এই যুৱকজন৷