২০৪০ৰ ভিতৰত চন্দ্রলৈ মানৱ পঠিয়াব ভাৰতে
🔹 গগনযান মিছনৰ পর্যালোচনা বৈঠক প্রধানমন্ত্রী মোদীৰ
বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : ভাৰতৰ গগনযান অভিযানৰ প্রগতি আৰু মহাকাশ অভিযানৰ ভৱিষ্যৎ পৰিকল্পনাক লৈ আজি এক উচ্চ পর্যায়ৰ বৈঠকত মিলিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ দেশৰ প্রথম মানৱসহিত মহাকাশ অভিযান গগনযান অভিযানৰ প্রথম উৰণ পৰীক্ষণ প্রাৰম্ভৰ তিনি দিন পূর্বে আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ বিজ্ঞানীসকলৰ সৈতে এখন উচ্চ পর্যায়ৰ পর্যালোচনা বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত প্রধানমন্ত্রী মোদীয়ে ২০৪০ চনৰ ভিতৰত চন্দ্রলৈ মহাকাশচাৰী প্রেৰণৰ লক্ষ্য লোৱা উচিত বুলি উল্লেখ কৰাৰ লগতে ২০৩৫ৰ ভিতৰত মহাকাশত নিজাকৈ ভাৰতে মহাকাশ কেন্দ্র স্থাপনৰো প্রস্তুতি চলাব লাগে বুলি কয়৷ পর্যালোচনা বৈঠকত প্রধানমন্ত্রী মোদীয়ে বিজ্ঞানীসকলৰ লগত শুক্র প্রদক্ষিণ অভিযান আৰু মংগল লেণ্ডাৰক লৈ কিমান আগবাঢ়িছে, সেই সন্দর্ভতো বিতং আলোচনা কৰে৷ কেন্দ্রীয় ৰাজ্যিক স্বতন্ত্র বিজ্ঞান আৰু প্রযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিং, ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথ আৰু সংশ্লিষ্ট বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত দেশৰ মহাকাশ অভিযানৰ ভৱিষ্যৎ পৰিকল্পনাৰ ৰেখাচিত্রক লৈও আলোচনা হয়৷ উল্লেখ্য যে অহা ২১ অক্টোবৰত গগনযান মিছনৰ প্রথম উৰণ পৰীক্ষণ কৰা হ’ব৷ অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্রত ২১ অক্টোবৰৰ পুৱা ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত এই উৰণ পৰীক্ষণ হ’ব৷ এই বহু প্রতীক্ষিত গগনযানৰ উৰণ পৰীক্ষণ আৰম্ভ পূর্বেই আজি প্রধানমন্ত্রী মোদীয়ে পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে৷