অলিম্পিকত ক্রিকেট অন্তর্ভুক্তিৰ মূলতেই কোহলিৰ জনপ্রিয়তা
🔹 লছ এঞ্জেলছৰ ক্রীড়া সঞ্চালকৰ মন্তব্য
বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : ২০২৮ চনৰ লছ এঞ্জেলছৰ অলিম্পিকত ক্রিকেট অন্তর্ভুক্তিৰ মূলতেই হ’ল টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ জনপ্রিয়তা৷ এই মন্তব্য আগবঢ়াইছে ২০২৮ চনৰ অলিম্পিক আয়োজনৰ দায়িত্ব লাভ কৰা লছ এঞ্জেলছৰ ক্রীড়া সঞ্চালক নিকোলো চাম্পৰিয়ানিয়ে৷ লছ এঞ্জেলছ অলিম্পিকৰ আয়োজকসকলে টীম ইণ্ডিয়াৰ বিৰাট কোহলিৰ জনপ্রিয়তাক স্বীকাৰ কৰিছে৷ ক্রিকেট অলিম্পিকত অন্তর্ভুক্ত হোৱাৰ পিছতে লছ এঞ্জেলছৰ ক্রীড়া সঞ্চালকগৰাকীয়ে কয় যে কোহলিৰ ছ’চিয়েল মিডিয়াত ৩৪ কোটি অনুগামী আছে৷ বিশ্বত সর্বাধিক অনুসৰণ কৰা খেলুৱৈৰ তালিকাত তেওঁ তৃতীয় স্থানত আছে৷ ফেন ফল’ৱাৰৰ ক্ষেত্রত তেওঁ আমেৰিকাৰ তিনিজনকৈ ছুপাৰ ষ্টাৰ লেব্রন জেমছ, টম ব্রেডী আৰু টাইগাৰ উডছক অতিক্রম কৰিছে৷ সেয়েহে বিশ্বাস কৰা হয় যে বিৰাট কোহলিৰ জনপ্রিয়তা দেখি অলিম্পিকত ক্রিকেটক অন্তর্ভুক্ত কৰিছে আন্তর্জাতিক অলিম্পিক কমিটীয়ে৷ ক্রিকেটৰ লগতে ২০২৮ চনৰ অলিম্পিকত স্কোৱাছ, বেছবল, ছফটবল, লেক্রছ আৰু ফ্লেগ ফুটবলক অন্তর্ভুক্ত কৰা হৈছে৷ উল্লেখ্য যে ২০২২ চনৰ বার্মিংহাম কমনৱেলথ গেমছৰ পিছত শেহতীয়াকৈ চীনত হৈ যোৱা এছিয়ান গেমছত ক্রিকেটক অন্তর্ভুক্ত কৰা হৈছে৷