নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিণীতিৰ আগমনৰ পিছতে ৰাঘৱলৈ সুখবৰ

🔹 দিল্লী হাইক’ৰ্টৰ সকাহ

বিশেষ বাৰ্তা, ১৮ অক্টোবৰ : ৰাজ্যসভাৰ আপ সাংসদ ৰাঘৱ চাদ্ধালৈ দিল্লী উচ্চ ন্যায়ালয়ৰ বৃহৎ সকাহ৷ দিল্লীৰ নিম্ন আদালতে ৰাঘৱ চাদ্ধাক চৰকাৰী বাংলো এৰিবলৈ দিয়া নির্দেশত কালি স্থগিতাদেশ দিয়ে দিল্লী উচ্চ ন্যায়ালয়ে৷ হাইক’ৰ্টৰ এই স্থগিতাদেশৰ পিছতে আপ সাংসদগৰাকীয়ে চৰকাৰী বাংলো এৰিব নালাগে৷ উল্লেখ্য যে ৰাজ্যসভাৰ সচিবালয়ে অনুমোদন জনোৱা আপ সাংসদ চাদ্ধাৰ চৰকাৰী বাংলো এৰিবলৈ নির্দেশ দিয়াত সাংসদগৰাকীয়ে নিম্ন আদালতত আবেদন জনাইছিল৷ নিম্ন আদালতে চৰকাৰী বাংলো এৰিবলৈ নির্দেশ দিয়াত সাংসদগৰাকীযে দিল্লী উচ্চ ন্যায়ালয়ৰ ওচৰ চাপে৷ উল্লেখ্য যে কেইদিনমান পূৰ্বে আপৰ সাংসদ ৰাঘৱ চাদ্ধা অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

You might also like