নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোঁৰ পুৰি হাত পালে

ক্রমবর্ধমান বায়ু প্রদূষণ বর্তমান সময়ৰ এক ভয়াৱহ সমস্যাত পৰিণত হৈছে৷ দ্রুত নগৰায়ন,বর্ধিত কল–কাৰখানাৰ পৰা নির্গত গেছসমূহে বায়ু প্রদূষণ বৃদ্ধি কৰি নীৰৱ ঘাতক হৈ সৃষ্টি কৰিছে ভয়াৱহ সমস্যা৷ জলবায়ু পৰিৱর্তনৰ ভয়াৱহ কুফল ভুগি থকা মানুহবোৰে নির্ভয়ে এতিয়া উশাহ ল’বও নোৱাৰে৷ সকলো বয়সৰ মানুহৰ স্বাস্থ্যৰ প্রতি প্রবল ভাবুকি আনিছে বায়ু প্রদূষণে৷ শেহতীয়াকৈ গৱেষণাত প্রকাশিত এক তথ্য অনুসৰি, টাইপ টু ডায়েবেটিছৰ অন্যতম কাৰণো বায়ু প্রদূষণ৷ উত্তৰ–পূবৰ দুৱাৰমুখ গুৱাহাটীতো বায়ু প্রদূষণ ভয়াৱহ ৰূপত বৃদ্ধি হোৱাৰ কথা সচেতন লোক মাত্রেই জ্ঞাত৷ প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ড অসমে চলোৱা পৰীক্ষাত গুৱাহাটীৰ বায়ু উদ্বেগজনকভাৱে প্রদূষিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ আধুনিক সা–সুবিধাৰ পৰা নিজক বঞ্চিত কৰিব নোখোজা মানুহে বায়ু প্রদূষণতো অৰিহণা যোগাই আহিছে৷ গুৱাহাটীত ব্লেক কার্বন প্রদূষণৰ মাত্রাও বিশ্বৰ ভিতৰতে সর্বাধিক৷ বায়ু প্রদূষণ জীৱাশ্ম ইন্ধন যেনে– কয়লা, তেল, প্রাকৃতিক গেছ জ্বলোৱা বিদ্যুৎ কেন্দ্র আৰু কাৰখানাৰ দৰে উৎসৰ পৰা আহে, পথ যাতায়াত, আৱর্জনা ব্যৱস্থাপনা, অত্যধিক সাৰ আৰু কীটনাশক ব্যৱহাৰ আৰু কৃষি আৱর্জনা জ্বলোৱা, কয়লা আৰু কাঠ জ্বলোৱা চৌকা আৰু বল জুয়ো ইয়াৰ বাবে দায়ী ৷ বিশ্বৰ ৩০খন আটাইতকৈ প্রদূষিত চহৰৰ ভিতৰত ২০১৯ চনত ভাৰতৰ ২১খন চহৰ আছিল৷ ২০১৬ চনৰ তথ্যৰ ভিত্তিত কৰা এক অধ্যয়ন অনুসৰি ভাৰতত কমেও ১৪ কোটি লোকে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰাপদ সীমাৰ ১০ গুণ বা তাতকৈ অধিক প্রদূষিত বায়ু উশাহত গ্রহণ কৰে৷ উদ্বেগজনক কথাটো হ’ল যে বার্ষিক বায়ু প্রদূষণৰ সর্বাধিক মাত্রা থকা বিশ্বৰ ২০খন চহৰৰ ভিতৰত ১৩খন আছে ভাৰতত৷ বিভিন্ন গৱেষণাত পোহৰলৈ আহিছে যে প্রতি বছৰে ২০ লাখ ভাৰতীয়ৰ অকাল মৃত্যুত বায়ু প্রদূষণৰ অৰিহণা যোগাই আহিছে৷ চহৰ অঞ্চলত বায়ু প্রদূষণৰ বাবে জগৰীয়া গেছসমূহ বাহন আৰু উদ্যোগৰ পৰা নিগর্মন হোৱাৰ বিপৰীতে গ্রাম্য অঞ্চলত প্রদূষণৰ অন্যতম কাৰণ ৰন্ধা–বঢ়া আৰু জৈৱবস্তু জ্বলোৱা৷ খেতি চপোৱাৰ পিছত কৃষি পথাৰত বৃহৎ পৰিসৰৰ শস্যৰ অৱশিষ্ট জ্বলোৱা ভাৰতৰ বহুকেইখন চহৰৰ বায়ু প্রদূষণৰ প্রধান কাৰণ৷ ভাৰত চীন আৰু আমেৰিকাৰ পিছত তৃতীয় বৃহত্তম সেউজ গৃহ গেছ উৎপাদনকাৰী দেশ৷ বায়ু প্রদূষণে ভাৰতৰ জনসাধাৰণৰ স্বাস্থ্য কেনেদৰে ক্ষতি কৰিছে তাৰ এক উদাহৰণ হ’ল– ২০১৩ চনত ধূমপান নকৰা লোকৰ ওপৰত কৰা এটা অধ্যয়ন৷ য’ত দেখা গৈছে যে ভাৰতীয়সকলৰ হাঁওফাঁওৰ কার্যক্ষমতা ইউৰোপীয়সকলতকৈ ৩০ শতাংশ দুর্বল৷ প্রদূষণৰ উৎসসমূহ কেৱল যে ঘৰৰ বাহিৰত আছে এনে নহয়, ঘৰৰ বতাহত কেইবাটাও উপায়েৰে প্রদূষণ প্রৱেশ কৰিব পাৰে৷ কিছুমানক বতাহে কঢ়িয়াই আনে, কিছুমানক মানুহে অজানিতে কঢ়িয়াই লৈ ফুৰে৷ ঘৰৰ ভিতৰৰ বায়ু প্রদূষণ কম কৰিবলৈ কিছু পদক্ষেপ গ্রহণ কৰি এই সমস্যাৰ লগত যুঁজিবলৈ সাজু হোৱাৰ প্রয়োজন৷ তেনে কৰি নিজকে বহু ৰোগৰ পৰা বচাই ৰখা সম্ভৱ হ’ব পাৰে৷
গৱেষণাৰ পৰা দেখা গৈছে যে বাহনৰ পৰা যথেষ্ট প্রদূষণ হয়, সেয়ে বাহনৰ গৰাকীসকলে গাড়ীখন ভালদৰে মেৰামতি কৰি ৰাখি প্রদূষণ ৰোধৰ কথা ভাবিব পাৰি৷ প্রত্যেকখন ঘৰৰ পৰা ওলোৱা জাবৰ জ্বলোৱাৰ ফলত স্বাস্থ্য আৰু পৰিৱেশৰ বাবে ক্ষতিকাৰক হৈ পৰে৷ চোতালৰ জুইৰ ধোঁৱাই বিশেষকৈ খৰালি বতৰত শ শ লোকৰ বাবে অস্বাস্থ্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ যিহেতু গ্রাম্য অঞ্চলৰ তুলনাত চহৰসমূহত প্রদূষণৰ মাত্রা বৃদ্ধি পাইছে, গতিকে চহৰৰ জুয়ে হাঁপানী আৰু অন্যান্য হাঁওফাঁওৰ ৰোগত আক্রান্ত লোকসকলৰ বাবে অধিক ভয়াৱহ হৈ পৰে৷ ঔদ্যোগিকীকৰণ আৰু আধুনিক নানা পার্থিৱ সুখৰ বাবে মানুহে অহৰহ বন ধ্বংস কৰিছে৷ সকলোৱেই জানে যে প্রদূষণ নিয়ন্ত্রণত গছৰ আছে অতুলনীয় ভূমিকা৷ কিন্তু আধুনিক মানুহে কিছুমান কথা জানিও নজনাৰ অভিনয় কৰে৷ যাৰ ভয়াৱহ ফলাফলো প্রতিদিনে মানুহে ভোগ কৰি আছে৷ অত্যধিক ধূলিৰ বাবে হোৱা প্রদূষণ ৰোধ হ’বলৈ এজাক বৰষুণৰ অভাৱত মানুহে হাহাকাৰ কৰিব লগা হয়৷ কিন্তু উদ্বেগজনকভাৱে আমাৰ দেশত বার্ষিক বৃষ্টিপাতৰ হাৰ হ্রাস পাইছে৷ সকলো সমস্যা ইটোৰ লগত সিটো গভীৰভাৱে জড়িত৷ সকলোৱে বিবেকৰ আহ্বানক গুৰুত্ব দিয়াৰ সময় সমাগত৷ বন ধ্বংস ৰোধ তথা গছ ৰোপণ আৰু যত্ন লৈ গছবোৰে প্রদূষক পদার্থ ফিল্টাৰ কৰি কার্বন ডাই অক্সাইড শোষণ কৰে৷ গছবোৰেও বায়ুমণ্ডললৈ অক্সিজেন নির্গত কৰি ঘৰখন শীতল কৰাত সহায় কৰে৷ বায়ু প্রদূষণ ৰোধৰ বাবে সকলো সচেতন হোৱাৰ বিকল্প নাই, অন্যথা সময়ৰ পূর্বে হোৱা মৃত্যুৰ হাৰ দিনকদিনে বৃদ্ধি হ’ব৷

You might also like