নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মদিনৰ পোষ্টত বিশ্ব অভিলেখৰ কথা অনুষ্কাৰ

বিশেষ বাৰ্তা, ৬ নৱেম্বৰ : ৩৫ বছৰত ভৰি দিলে বিৰাট কোহলিয়ে৷ জন্মদিনত অভিনেত্রী পত্নীয়ে প্রতিবছৰৰ দৰে এইবাৰো জনালে শুভেচ্ছা৷ কিন্তু তেওঁৰ শুভেচ্ছা জনোৱাৰ ধৰণ যিদৰে সুকীয়া, সেইদৰে অদ্ভুত৷ এইবাৰ জন্মদিনত অনুষ্কাই জনোৱা শুভেচ্ছা দেখি বার্থডে’ বয় বিৰাটে মূৰে–কপালে হাত দিলে৷ স্বামীৰ জন্মদিনত তিনিখন ছবি পোষ্ট কৰিছে অনুষ্কাই৷ ইয়াৰে প্রথমখনত বিৰাটৰ এটি বিৰল অভিলেখৰ কথা উল্লেখ কৰা হৈছে৷ এই অভিলেখটো হৈছে বিৰাটেই একমাত্র ক্রিকেটাৰ, যিয়ে টি–২০ ক্রিকেটত কোনো বল নকৰাকৈ উইকেট লাভ কৰিছিল৷ ২০১১ চনত এই ঘটনাটো ঘটিছিল৷ তেওঁৰ প্রথম বলটো ৱাইড হৈছিল যদিও সেই বলতে কেভিন পিটাৰছেনক ষ্টাম্প আউট কৰিছিল মহেন্দ্র সিং ধোনীয়ে৷ বাকী দুখন ছবিৰ এখনত ৰসিকতা কৰি বিৰাটৰ অদ্ভুত মুখৰ ছবি দিছে অভিনেত্রীগৰাকীয়ে৷ শেষৰ ছবিখনত আছে প্রেমৰ মুহূর্ত৷ কেপচনত অনুষ্কাই লিখিছে– এই সত্যই জীৱনৰ প্রত্যেকটো ভূমিকাত সুকীয়া৷ কিন্তু যিকোনো প্রকাৰে নিজৰ গৌৰৱৰ মুকুটত নতুন পুলক যোগ কৰে৷ এই জীৱন আৰু তাৰ পিছতো তোমাকেই ভাল পাওঁ৷ প্রতিটো মুহূর্ততে তুমি সকলো দিছা৷ এই দুষ্ট আৰু হাঁহিৰ মুহূর্তই যেন বিৰাট–অনুষ্কাৰ সম্পর্কৰ উষ্ণতা বজাই ৰাখে৷ বিশেষ দিনটোত পত্নীৰ এই বিশেষ পোষ্টত প্রতিক্রিয়া প্রকাশ কৰি বিৰাটে মূৰত হাত দিয়াৰ ইমোজী দিছে৷ ইয়াৰ পিছত অৱশ্যে প্রেমৰ ইমোজীও দিছে বিৰাটে৷ উল্লেখ্য যে জন্মদিনৰ দিনাই কোহলিয়ে দক্ষিণ আফ্রিকাৰ বিপক্ষে এটা দুর্দান্ত শতৰানৰ ইনিংছ উপহাৰ দিয়ে দলক৷ ইয়াৰ লগে লগে তেওঁ এদিনীয়া ক্রিকেটত ৪৯সংখ্যক শতৰান অর্জন কৰিবলৈ সক্ষম হয়৷ তেওঁ এই শতৰানেৰে কিংবদন্তি ক্রিকেটাৰ শচীন তেণ্ডুলকাৰক স্পর্শ কৰে৷

You might also like