নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিৰিয়াত ৰুছ বোমাবর্ষণত নিহত ৩৪ বিদ্রোহী যোদ্ধা

🔹 পশ্চিম এছিয়াত মার্কিন মদতপুষ্ট বাহিনীৰ বিৰুদ্ধে পুনৰ যুদ্ধত নামিল পুটিনৰ সেনা

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰ : ইউক্রেইন আৰু গাজাৰ যুদ্ধৰ মাজত এইবাৰ নতুন অশান্তি আৰম্ভ হ’ল পশ্চিম এছিয়াত৷ তাৎপর্যপূর্ণভাৱে পশ্চিম এছিয়াৰ এই যুদ্ধত এইবাৰ অংশ লৈছে বিশ্বৰ দুই বৃহৎ শক্তি আমেৰিকা আৰু ৰাছিয়াই৷ গৃহযুদ্ধ বিধ্বস্ত ছিৰিয়াত কালি ৰাছিয়া আৰু আমেৰিকাৰ যুদ্ধবিমান মুখামুখি হয়৷ পেণ্টাগনৰ লক্ষ্য আছিল ছিৰিয়াৰ ৰাষ্ট্রপতি বাছাৰ আল–আছাদৰ অনুগত সেনাৰ বিভিন্ন ঘাটি৷ আনফালে, ৰুছ যুদ্ধবিমানে আক্রমণ চলাইছে আছাদবিৰোধী বিদ্রোহী বাহিনীৰ কেইবাটাও ঘাটিত৷ ৰুছ সেনাই দাবী কৰা অনুসৰি মার্কিন মদতপুষ্ট আছাদবিৰোধী বিদ্রোহীৰ সাতটা ঘাটি ধ্বংস কৰা হৈছে৷ ইদলিবত ৰুছ বোমাবর্ষণত ৩৪জন বিদ্রোহী যোদ্ধা নিহত হোৱা বুলি দাবী কৰিছে মস্কো প্রশাসনে৷ উল্লেখনীয় যে ৬০টাতকৈ অধিক বোমাবর্ষণ কৰে ৰুছ সেনাই৷ স্মর্তব্য যে বিগত কেইবাসপ্তাহ ধৰি ধাৰাবাহিকভাৱে আছাদ বাহিনীৰ ওপৰত আক্রমণ চলাই আহিছে পশ্চিম এছিয়াত মোতায়েন কৰা আমেৰিকাৰ যুদ্ধবিমানে৷ এই পৰিস্থিতিত ছিৰিয়াৰ যুদ্ধত ৰাছিয়াৰ অংশগ্রহণে পশ্চিম এছিয়াত নতুন সংকট সৃষ্টি কৰাৰ আশংকা কঢ়িয়াই আনিলে৷ উল্লেখনীয় যে ২০১১ চনত ছিৰিয়াৰ ৰাষ্ট্রপতি আছাদৰ বিৰুদ্ধে বিদ্রোহী গোটসমূহক যুদ্ধ কৰিবলৈ সহায় কৰিছিল আমেৰিকাই৷ আমেৰিকাৰ এই ভূমিকাৰ বাবে ধ্বংসস্তূপত পৰিণত হয় ছিৰিয়া৷ পৰৱর্তী সময়ত আইছিছৰ উত্থান আৰু কুখ্যাত জেহাদী সংগঠনটোক মোকাবিলা কৰাৰ বাবে বিভিন্ন দেশে আৰম্ভ কৰা সশস্ত্র অভিযানৰ ফলত ক্ষত–বিক্ষত হৈ পৰে পশ্চিম এছিয়াৰ দেশখন৷

You might also like