নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিক্টোৰীয়া পুডিং ! নিলামত উঠিল টাইটানিকৰ মেনু কার্ড

🔹 ৮৪.৪ লাখ টকাত বিক্রী হ’ব অভিশপ্ত জাহাজৰ ৰাজকীয় খাদ্য তালিকা

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰ : ৰাজকীয় আয়োজন৷ অ’ইষ্টাৰ, ছ্যামন, বীফ, স্কোৱাব, ডাক, চিকেন, পার্ছনিপ পিউৰি.. শেষত আকৌ ভিক্টোৰীয়া পুডিং৷ এয়া ৰাজকীয় খাদ্যৰ মেনু৷ পৃথিৱীৰ বৃহৎ জাহাজ টাইটানিকৰ ফার্ষ্ট ক্লাছৰ ধনকুবেৰ যাত্রীসকলৰ নৈশভোজৰ মেনু আছিল এনেধৰণৰ৷ কালৰ আঁচোৰ পৰি বগা মেনু কার্ডত ৰঙা ৰং ধৰিছে৷ তথাপি খাদ্যৰ নামবোৰ পাঠযোগ্য হৈ আছে৷ কার্ডৰ সোঁফালে লিখা আছে এপ্রিল ১১, ১৯১২ ! ইয়াৰ ওপৰত এখন ৰঙা পতাকা, তাৰ মাজত বগা তৰা৷ এয়া টাইটানিকৰ পতাকা৷ মেনু কার্ডখন আৰ এম এছ টাইটানিকৰ৷ পৃথিৱীত ইয়াৰ পূর্বে ইমান বিশাল জাহাজ নির্মাণ হোৱা নাছিল৷ বিশেষজ্ঞসকলে উল্লেখ কৰিছিল যে এই জাহাজ কোনোদিনে ডুব নাযাব৷ কিন্তু ব্রিটেইনৰ ছাউদাম্পটনৰ পৰা নিউয়র্কগামী জাহাজখন প্রথম যাত্রাতেই বিপর্যয়ৰ মুখত পৰে৷ ১৯১২ চনৰ ১৪ এপ্রিলত উত্তৰ আটলাণ্টিক মহাসাগৰত এটা প্রকাণ্ড হিম শিলত খুন্দা মাৰে টাইটানিকে৷ সেই নিশা ডুব যায় টাইটানিক৷ প্রাণ হেৰুৱাইছিল কমপক্ষেও ১৫০০ যাত্রীয়ে৷ যিসকলে লাইফ বোটত স্থান লাভ কৰিছিল, তেওঁলোকৰ প্রাণৰক্ষা পৰিছিল৷ ৰক্ষা পৰা যাত্রীসকলৰ কোনো এজনে টাইটানিকৰ এখন খাদ্যৰ মেনু কার্ড স্মৃতি হিচাপে ৰাখি দিছিল৷ সেই মেনু কার্ড লণ্ডনত নিলাম কৰা হ’ব৷ ইতিমধ্যে দাম উঠিছে ৮৩ হাজাৰ পাউণ্ড৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত ৮৪.৫ লাখ টকা৷

You might also like