নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ ফাইনেলত বায়ুসেনাৰ হাল বিমান

 🔹 মঞ্চ কঁপাব অৰিজিত সিং, প্রিয়ংকা, ৰণবীৰে

বিশেষ বাৰ্তা, ১৮ নৱেম্বৰ : বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান শেষমুহূর্তত বাতিল কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল বিচিচিআই৷ ভাৰত-পাকিস্তান মেচত অৰিজিত সিঙৰ জৰিয়তে সমালোচনাৰ প্রত্যুত্তৰ দিবলৈ চেষ্টা চলালেও সেই অনুষ্ঠান টিভিত সম্প্রচাৰ নহ’ল৷ সেইবাবে ফাইনেলৰ পূর্বে আৰু শেষত দর্শক-অনুৰাগীৰ মন জয় কৰিবলৈ আয়োজন কৰিছে বৃহৎ অনুষ্ঠানৰ৷ বিশ্বকাপৰ ফাইনেলৰ উদ্বোধনী অনুষ্ঠানত কেইবাটাও হিট গানেৰে দর্শকক মুগ্ধ কৰিব অৰিজিত সিঙে৷ ১ লাখ ৩০ হাজাৰ আসনবিশিষ্ট ষ্টেডিয়াম কঁপাব অভিনেতা ৰণবীৰ সিং আৰু প্রিয়ংকা চোপ্রাই৷ ইয়াৰ উপৰি থাকিব লেজাৰ শ্ব’৷ মুঠ ১৫–২০ মিনিটৰ সংক্ষিপ্ত জাকজমকীয়া অনুষ্ঠান৷ বিশ্বকাপৰ ফাইনেলত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰা ক্লাইভ লয়েডসহ বিশ্বকাপ বিজয়ী অধিনায়কসকলো উপস্থিত থাকিব৷ ফাইনেলৰ দর্শক হ’ব ৰোহিত শর্মাৰ পত্নী ঋতিকা সচদেৱ, বিৰাটৰ পত্নী অনুষ্কা, জাদেজাৰ পত্নীৰ লগতে শুভমন গীলৰ পিতৃ আৰু যশপ্রীত বুমৰাহৰ মাতৃ৷ বিশ্বকাপৰ সমাপ্তি অনুষ্ঠানৰ শ্রেষ্ঠ আকর্ষণ হ’ব ভাৰতীয় বায়ুসেনাৰ সূর্য কিৰণ এয়াৰোব’টিক টীমৰ শ্ব’৷ ফাইনেল আৰম্ভ হোৱাৰ পূর্বে এই দলটোৱে ১০ মিনিটৰ প্রদর্শন কৰিব৷ ইতিমধ্যে কালিৰ পৰাই অনুশীলন আৰম্ভ কৰিছে সূর্য কিৰণে৷ বায়ুসেনাৰ হাল বিমানে সেইদিনা দর্শকক মুগ্ধ কৰিব৷

You might also like