সপোনৰ সমাধি…
🔹 বেটিং–বলিঙত ব্যর্থ ভাৰতক হেলাৰঙে হৰুৱাই অষ্ট্রেলিয়া বিশ্ব চেম্পিয়ন
বিশেষ বাৰ্তা, ২০ নৱেম্বৰ : ২০০৩ চনৰ পৰাজয়ৰ প্রতিশোধ লোৱা নহ’ল ২০২৩ত৷ ইয়াৰ বিপৰীতে ২০০৩ৰেই পুনৰাবৃত্তি হ’ল আহমেদাবাদত৷ একেৰাহে ১০খন মেচত জয়লাভ কৰি ফাইনেলত প্রৱেশ কৰা ভাৰতৰ অশ্বমেধৰ ঘোঁৰা থমকি ৰ’ল মেগা ফাইনেলত৷ আধৰুৱা হৈ ৰ’ল ৰোহিত শর্মাৰ বিশ্বকাপ বিজয়ৰ সপোন৷ পৰিৱর্তন নহ’ল পৰম্পৰাৰো৷ বিজয়ৰ কাষলৈ আহিও যেন বহু দূৰত ৰৈ যাবলগীয়া হ’ল৷ আই চি চিৰ প্রতিযোগিতাত সেই ব্যর্থতাই সংগী হ’ল ভাৰতৰ৷ ১২ বছৰৰ পিছত বিশ্বকাপ জয়ৰ সুযোগ লাভ কৰিও অন্তিম মুহূর্তত অষ্ট্রেলিয়াৰ ওচৰত আত্মসমর্পণ কৰিবলগীয়া হ’ল টীম ইণ্ডিয়াই৷ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অষ্ট্রেলিয়াৰ বিৰুদ্ধে বেটিং–বলিং সকলোতে ব্যর্থ হ’ল ভাৰত৷ এইবাৰৰ বিশ্বকাপত মাত্র এখন মেচত পৰাজিত হ’ল টীম ইণ্ডিয়া৷ আৰু সেইখনেই আছিল মেগা ফাইনেল৷ প্রথমে বেটিং কৰি ২৪০ ৰান কৰা ভাৰতৰ বিৰুদ্ধে ট্রেভিছ হেডৰ অনবদ্য আৰু সময়োপযোগী শতৰানৰ বাবেই ৰোহিত বাহিনীক ৬ উইকেটত হৰুৱাই ষষ্ঠবাৰলৈ এদিনীয়া বিশ্বকাপৰ খিতাপ আঁজুৰি নিলে কেংগাৰু বাহিনীয়ে৷ টছত জিকি অধিনায়ক পেট কামিনছে প্রথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে আৰম্ভ হৈছিল সমালোচনা৷ বিশ্বকাপ বিজয়ী প্রাক্তন অধিনায়ক ৰিকি পণ্টিঙে ধাৰাভাষ্য দিয়াৰ সময়ত কৈছিল– টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ কাৰণ বুজা নগ’ল৷ এই পিটচত প্রথমে বেটিং কৰিলে হয়তো অধিক সুবিধা হ’লহেঁতেন৷ কিন্তু ২০০৩ৰ বিশ্বকাপ বিজয়ী অধিনায়কক ভুল প্রমাণিত কৰিলে কামিনছ আৰু অষ্ট্রেলিয়াৰ অন্য বলাৰসকলে৷ অধিনায়ক ৰোহিত শর্মাই অন্য মেচবোৰৰ দৰে আজিও দ্রুত ৰান সংগ্রহৰ চেষ্টা চলাইছিল৷ বৃহৎ শ্বট খেলিবলৈ গৈ তেওঁ ৪৭ ৰানত আউট হ’বলগীয়া হয়৷ দলক বৃহৎ ৰান দিবলৈ গৈ আগতীয়া বিদায় ল’লে ৰোহিতে৷ তেওঁৰ বিদায় ভাৰতৰ বাবে আছিল এক বৃহৎ আঘাত৷ ৰোহিত আউট হোৱাৰ পিছত ভাৰতৰ বাকী ইনিংছটোত আহিছিল মাত্র চাৰিটা বাউণ্ডেৰী৷ ৰোহিতে নিজে তিনিটা ছিক্সাৰ আৰু চাৰিটা বাউণ্ডেৰী মাৰিছিল৷ উল্লেখ্য যে অষ্ট্রেলিয়াক হৰুৱাই এইবাৰ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছিল ভাৰতে৷ ৫বাৰৰ বিশ্বকাপ বিজয়ী অষ্ট্রেলিয়া গ্রুপ পর্বত পৰাস্ত হ’লেও ফাইনেল এখন সম্পূর্ণ সুকীয়া মেচ৷ প্রথম অ’ভাৰৰ পৰাই অষ্ট্রেলিয়াৰ দুর্দান্ত ফিল্ডিঙে সেই কথাই বুজাই দিছিল৷ ডেভিদ ৱার্নাৰে হয়তো তেওঁৰ অন্তিমখন বিশ্বকাপ খেলিলে৷ ৩৭ বছৰীয়া এইগৰাকী ক্রিকেটাৰে কৰা ফিল্ডিঙে অন্য খেলুৱৈসকলক উদ্বুদ্ধ কৰিলে৷ ৰোহিতৰ কেচ ধৰাৰ সময়ত আকাশৰ ফালে চাই বাউণ্ডেৰীৰ দিশে দৌৰি বাঁওফালে জঁপিয়াই ট্রেভিছ হেডে যি পাৰদর্শিতা দেখুৱালে, সেয়া সঁচাকৈয়ে বিস্ময়কৰ৷ ভাৰতৰ কমেও ৩০ ৰান প্রতিৰোধ কৰিলে অষ্ট্রেলিয়াৰ ফিল্ডাৰে৷ ৰোহিতৰ বিদায়ৰ পিছতে শ্রেয়াছ আয়াৰে মাত্র চাৰি ৰান কৰি আউট হয়৷ তেওঁ কিছুসময় উইকেটত থাকিলে ভাৰতৰ ৰানৰ গতি বৃদ্ধি পালেহেঁতেন৷ ইয়াৰ পিছত বিৰাট কোহলি আৰু কে এল ৰাহুলে বৃহৎ শ্বট খেলিবলৈ সাহস নকৰিলে৷ ছেমিফাইনেলত শতৰান অর্জন কৰা কোহলিয়ে আজি ৫৪ ৰান উপহাৰ দিলেও দলৰ বাবে সেয়া যথেষ্ট নাছিল৷ দুর্দান্ত ফর্মত থকা কোহলিয়ে প্রতিযোগিতাখনত মুঠ ৭৬৫ ৰানেৰে প্রতিযোগিতাৰ শ্রেষ্ঠ খেলুৱৈৰ সন্মান অর্জন কৰে৷ বিৰাটে ৬৩ বলত ৫৪ ৰান আৰু ৰাহুলে ১০৭টা বলত ৬৬ ৰানহে কৰিবলৈ সক্ষম হয়৷ বিৰাট আউট হোৱাৰ লগে লগে নৰেন্দ্র মোদী ষ্টেডিয়ামৰ লক্ষাধিক দর্শক স্তব্ধ হৈ পৰে৷ সূর্যকুমাৰ যাদৱ আৰু ৰবীন্দ্র জাদেজায়ো দলক নির্ভৰতা প্রদান কৰিব নোৱৰাত ২৪০ ৰানতে সীমিত হৈ ৰয় ভাৰত৷ উল্লেখ্য যে বিশ্বকাপত এইবাৰ প্রথমবাৰলৈ ১০টা উইকেট হেৰুৱালে ৰোহিত বাহিনীয়ে৷ অৱশ্যে ইয়াৰ পিছতো দর্শক–অনুৰাগীয়ে বলাৰসকলৰ ওপৰত নির্ভৰ কৰি আশা সজীৱ কৰি ৰাখিছিল৷ সেই অনুসৰি মহম্মদ ছামিয়ে প্রথম অ’ভাৰতে বিপজ্জনক বেটাৰ ডেভিদ ৱার্নাৰক ৭ ৰানত বিদায় দি ভাৰতীয় সমর্থকৰ মন জয় কৰিছিল৷ ইয়াৰ লগে লগে ভাৰতৰ ফিল্ডিঙৰ দুর্দশাগ্রস্ত ছবিখনো প্রকট হৈ পৰে৷ ইনিংছ আগবঢ়াৰ লগে লগে তচনচ হৈ পৰে ৰোহিত বাহিনীৰ ফিল্ডিং৷ যশপ্রীত বুমৰাহে মিচেল মার্শ্ব আৰু ষ্টিভ স্মিথক আউট কৰিলেও ছামিক সম্পূর্ণৰূপে বান্ধি ৰাখে হেড আৰু লাবুচানেই৷ ফাইনেলৰ পূর্বে ২৩টা উইকেট দখল কৰা ছামিয়ে আজি এটা উইকেটতে সন্তুষ্ট থাকিবলগীয়া হয়৷ অন্য বলাৰসকলকো সহজে খেলি গৈছিল হেড আৰু লাবুচানে৷ ৰবীন্দ্র জাদেজা, কুলদীপ যাদৱ আৰু মহম্মদ চিৰাজেও কোনোধৰণৰ চাপ সৃষ্টি কৰিব পৰা নাছিল৷ ফাইনেলৰ মেন অৱ দ্য মেচৰ সন্মান অর্জন কৰা হেডে এটি অনবদ্য শতৰানেৰে দলৰ বিজয়ত মুখ্য ভূমিকা গ্রহণ কৰে৷ উইকেটৰ আনটো দিশে থকা লাবুচানেই অর্ধশতৰান সম্পূর্ণ কৰে৷ হেডে ১২০টা বলত সংগ্রহ কৰে ১৩৭ ৰান৷ হেডৰ নায়কোচিত ইনিংছটোত আছিল ১৫টা চাৰি আৰু চাৰিটা ৬৷ আনহাতে, ১১০টা বল খেলি ৫৮ ৰানৰ ধৈর্যশীল ইনিংছ খেলা লাবুচানে শেষলৈ আউট নোহোৱাকৈ থাকে৷ মন কৰিবলগীয়া যে সমগ্র বিশ্বকাপত ভাৰতৰ বেটিং নির্ভৰশীল আছিল ৰোহিত, বিৰাট আৰু ৰাহুলৰ ওপৰত৷ শেষৰফালে ৰান কৰিছিল শ্রেয়াছেও৷ কিন্তু তেওঁলোক ব্যর্থ হ’লে ভাৰতৰ ল’ৱাৰ মিডল অর্ডাৰৰ পক্ষে যে দলক ভৰসা দিয়াৰ ক্ষমতা নাছিল, সেই কথা ফাইনেলত স্পষ্ট হৈ পৰে৷ কিন্তু তেতিয়ালৈ বহু দেৰি হৈ গৈছিল৷ এইবাৰৰ বিশ্বকাপৰ টেগলাইন আছিল ‘ইট টেকছ ৱান ডে’’৷ সঁচাকৈয়ে এদিনৰ খেলা৷ সমগ্র প্রতিযোগিতাখনত জয়লাভ কৰি এদিন পৰাজিত হোৱাৰ লগে লগে মষিমূৰ হৈ গ’ল টীম ইণ্ডিয়া৷ যাৰ বাবে জনসমুদ্রসদৃশ মোটেৰাৰ ষ্টেডিয়ামত উপস্থিত দর্শকৰ লগত ক্রিকেট অনুৰাগীসকলৰ হূদয় নিমিষতে ছাৰখাৰ হৈ গ’ল৷ মেচখনক লৈ অনুৰাগীৰ উৎকণ্ঠা আছিল অভাৱনীয়৷ পুৱাৰ পৰাই ষ্টেডিয়ামলৈ বাট লৈছিল হাজাৰ হাজাৰ মানুহে৷ ষ্টেডিয়ামত উপস্থিত থকা লক্ষাধিক দর্শকে পৰিধান কৰা নীলা ৰঙৰ জার্ছীৰে গেলাৰীৰ ৰং নীলা হৈ পৰিছিল৷ ৰোহিত শর্মাৰ হাতত বিশ্বকাপৰ সুদৃশ্য ট্রফী প্রত্যক্ষ কৰিবলৈ আহিছিল অগণন লোক৷ কিন্তু অৱশেষত শতকোটি ভাৰতীয়ৰ সপোন ভাঙি ট্রফী হাতত ল’লে অষ্ট্রেলিয়ান অধিনায়ক পেট কামিনছে৷ ইপিনে, ফাইনেলত উপস্থিত আছিল দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ তেওঁ ৰোহিত বাহিনীৰ পৰাজয়ৰ পিছতে এক টুইটযোগে খেলুৱৈসকলৰ প্রদর্শনক প্রশংসা কৰি কয় যে সমগ্র প্রতিযোগিতাখনত দেখুওৱা প্রদর্শনৰ বাবে দেশবাসী গৌৰৱান্বিত৷ প্রধানমন্ত্রীগৰাকীয়ে টুইটযোগে কয় যে খেলুৱৈসকলৰ দক্ষতা আৰু দৃঢ়তাই সকলোকে মুগ্ধ কৰিছে৷ সমগ্র ভাৰতবাসী সদায় তেওঁলোকৰ লগত থাকিব বুলিও মোদীয়ে কয়৷