বিশেষ বাৰ্তা, ২০ নৱেম্বৰ : মহানগৰীত বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত হৈ থকাৰ সময়তে এক শিশু অপহৰণৰ ঘটনা পোহৰলৈ আহিছে। অৱশ্যে ক্ৰাইম ব্ৰান্সে ২৪ ঘণ্টাৰ ভিতৰতে শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। খেলনা বস্তু দিয়াৰ ছলেৰে অপহৰণ কৰিছিল শিশুটিক। গুৱাহাটীৰ সিজুবাৰীৰ কনকলতা পথত এই ঘটনা সংঘটিত হয়। আবেলি ককায়েকৰ সৈতে খেলি থকাৰ সময়তে পথৰ পৰা বাইকত অহা এটা দুৰ্বৃত্তই অপহৰণ কৰিছিল শিশুটিক। শিশুটিৰ বয়স ৬ বছৰ। নম্বৰ প্লেটবিহীন বাইক ব্যৱহাৰ কৰিছিল দুৰ্বৃত্তটোৱে। ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে।