নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মন কী বাত’ত মুম্বাইৰ সন্ত্রাসবাদী কাণ্ডক স্মৰণ প্রধানমন্ত্রী মোদীৰ

🔹 ভাৰতীয়ক বিদেশত বিয়া আয়োজন নকৰাৰ আহ্বান

বিশেষ বাৰ্তা, ২৬ নৱেম্বৰ : প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি ৰেডিঅ’ৰ ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে৷ আজি ১০৬সংখ্যক ‘মন কী বাত’ত প্রধানমন্ত্রী মোদীয়ে ২০০৮ চনৰ ২৬ নৱেম্বৰত সমগ্র দেশ শিহৰিত কৰা মুম্বাইত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ প্রসংগ উত্থাপন কৰে ৷ এই ভয়ংকৰ ঘটনাৰ বর্ষপূর্তিত আক্রান্তসকলৰ স্মৃতিচাৰণ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে এই দিনটো কেতিয়াও পাহৰিব নোৱাৰি৷ আজিৰ এই দিনটোতেই মুম্বাইত ভয়ংকৰ সন্ত্রাসবাদী আক্রমণ সংঘটিত হৈছিল৷ আধা ঘণ্টাৰ এই ৰেডিঅ’ অনুষ্ঠানত আৰু বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য কৰে মোদীয়ে৷ ইফালে, প্রধানমন্ত্রী মোদীৰ মুখত বিয়াৰ প্রসংগও শুনিবলৈ পোৱা গ’ল৷ বিদেশত গৈ বিয়া কৰোৱাৰ কি প্রয়োজন বুলি প্রশ্নৰ অৱতাৰণা কৰে মোদীয়ে৷ উল্লেখনীয় যে এতিয়া বহুতে গৈ বিদেশত বিলাসবহুল বিবাহ অনুষ্ঠানৰ আয়োজন কৰে ৷ ইয়াৰ ফলত ভাৰতৰ টকা বিদেশলৈ ওলাই গৈছে বুলি মন্তব্য কৰে মোদীয়ে ৷ মোদীয়ে স্পষ্টভাৱে উল্লেখ কৰে যে অন্য সকলো ক্ষেত্রত স্থানীয় অন্য যিহেতু ব্যৱহাৰ কৰা হয়, বিয়াৰ ক্ষেত্রতো একেই স্থানীয়ক গুৰুত্ব দিয়া উচিত৷ এইবাৰৰ দেশজুৰি বিবাহ অনুষ্ঠানৰ জৰিয়তে দেশত ৫ কোটি টকাৰ ব্যৱসায়ৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে মোদীয়ে ৷

You might also like