নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত শিশুৰ শ্বাস-প্রশ্বাসৰ ৰোগ বৃদ্ধিক লৈ উদ্বিগ্ন দিল্লী

🔹 দেশৰ সকলো ৰাজ্যৰ হাস্পতালক সাজু থাকিবলৈ নির্দেশ

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰ : চীনত শিশুৰ শ্বাস–প্রশ্বাসৰ সমস্যা৷ ‘ৰহস্যজনক নিউমোনিয়া’ই দেখা দিছে দেশখনত৷ ক’ভিড–১৯ৰ প্রভাৱ অতিক্রম কৰি এইবাৰ নতুন আশংকাত পৰিছে ভাৰতৰ প্রতিৱেশী দেশখন৷ দেশখনৰ বহু শিশু নিউমোনিয়াত আক্রান্ত হৈছে৷ ৰহস্যজনক এই নিউমোনিয়াক লৈ উদ্বেগ প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)–ই৷ এনে পৰিস্থিতিত ভাৰতৰ হাস্পতালসমূহৰ পৰিস্থিতি কেনে চলিছে, তাক লৈ নির্দেশনা জাৰি কৰিলে কেন্দ্রীয় চৰকাৰে৷ কালি ৰাজ্যসমূহলৈ যিকোনো মুহূর্ততে সৃষ্টি হ’ব পৰা সকলো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সতর্ক হৈ থকাৰ নির্দেশ দিলে কেন্দ্রীয় চৰকাৰে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা ৰাজ্যসমূহক বা সকলো হাস্পতালৰ পৰিস্থিতি তন্নতন্নকৈ পৰীক্ষা কৰিবলৈ নির্দেশ দিছে৷ চীনৰ এই শিশুৰ নিউমোনিয়া যাতে ভাৰতৰ বাবে উদ্বেগ হৈ নপৰে, তাৰ প্রতি ৰাজ্য চৰকাৰক সাজু থাকিবলৈ এই নির্দেশনাত উল্লেখ কৰা হৈছে৷ অৱশ্যে এই মুহূর্তত ৰহস্যজনক চীনৰ এই নিউমোনিয়াক লৈ ভাৰতত আতংকিত হ’বলগীয়া নাই বুলি স্বাস্থ্য মন্ত্রণালয়ে ঘোষণা কৰিছে৷ ৰাজ্যসমূহৰ স্বাস্থ্যসেৱা কেনে, হঠাতে ৰোগীৰ ভিৰৰ মোকাবিলা কৰিবলৈ হাস্পতালসমূহ কিমান প্রস্তুত, তাক পৰীক্ষা কৰাৰ পৰামর্শ দিছে স্বাস্থ্য মন্ত্রণালয়ে৷ ৰাজ্যসমূহলৈ প্রেৰণ কৰা কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পত্রত হাস্পতালত পর্যাপ্তসংখ্যক বিছনা, ঔষধ–পত্র, ইনফ্লুৱেঞ্জাৰ টিকা, অক্সিজেন, এণ্টিবায়’টিক, ভেণ্টিলেটৰ, স্বাস্থ্য পৰীক্ষাৰ সৰঞ্জাম ইত্যাদি প্রস্তুত ৰখাৰ আহ্বান জনোৱা হৈছে৷ জৰুৰী পৰিস্থিতিত যাতে হাস্পতালসমূহত কোনোধৰণৰ সমস্যা সৃষ্টি নহয়, সেই বিষয়টোত গুৰুত্ব দিবলৈ ৰাজ্যসমূহক নির্দেশ দিয়া হৈছে৷ বিশেষকৈ শিশুসকলৰ অসুস্থতাৰ ওপৰত অধিক নজৰ দিবলৈ এই পত্রত পৰামর্শ জনোৱা হৈছে৷ গুৰুতৰভাৱে শ্বাস–প্রশ্বাসৰ সমস্যা থাকিলে সেই ৰোগীৰ ওপৰত বিশেষ নজৰ ৰখাৰো আহ্বান জনোৱা হৈছে৷

You might also like