নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ষাপাৰাৰ সেউজ ঘাঁহনিত কাইলৈ সমুখসমৰত ভাৰত-অষ্ট্ৰেলিয়া

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰঃ কাইলৈ বৰ্ষাপাৰা ক্ৰিকেট উন্মাদনা। ৰাজ্যৰ ক্রিকেট অনুৰাগী আক্রান্ত হৈছে ভাৰত–অষ্ট্রেলিয়াৰ ক্রিকেট জ্বৰত৷ কাইলৈ টি–২০ শৃংখলাৰ এখন গুৰুত্বপূর্ণ মেচত অৱতীর্ণ হ’ব ভাৰত-অষ্ট্ৰেলিয়া৷ ইতিমধ্যে দুখন মেচত বিশ্ব চেম্পিয়ন দলটোক পৰাস্ত কৰি শৃংখলাত ২–০ ব্যৱধানত অগ্রগতি লাভ কৰা ভাৰতে কাইলৈ বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়ামত খেলিব লগা মেচখনত জয়লাভ কৰিব পাৰিলে শৃংখলা নিজৰ দখললৈ আহিব৷ সেইবাবেই গুৱাহাটীৰ মেচখনত গুৰুত্ব বৃদ্ধি পাইছে৷ সূর্য কুমাৰ যাদৱ নেতৃত্বাধীন যুৱ তাৰকাৰে গঠিত ভাৰতীয় দলটোৰ উজ্জীৱিত প্রদর্শনে পুনৰ অনুৰাগীৰ মনত বিশ্বকাপৰ পৰায়জয়ৰ দুখ পাহৰাই আশাৰ সঞ্চাৰ কৰিছে৷ গুৱাহাটীৰ মেচখন সফল কৰাৰ বাবে অসম ক্রিকেট সন্থাই যথেষ্ট চেষ্টা চলাইছে৷ কাৰণ এই মেচখন সফল হ’লেহে ইয়াত আইপিএলৰ একাধিক মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে দুয়োটা দলৰ খেলুৱৈসকল আজি বিয়লি উপস্থিত হৈছে গুৱাহাটীত৷ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত দল দুটা অৱতৰণ কৰাৰ পিছতে ভাৰতীয় দলটো পোনে পোনে হোটেল ৰেডিচন ব্লুলৈ নিয়া হয়৷ ইয়াৰ বিপৰীতে অষ্ট্রেলিয়া দলটো আছে হোটেল তাজত৷ অষ্ট্রেলিয়াৰ বাবেও এই মেচখন যথেষ্ট গুৰুত্বপূর্ণ হ’ব৷ গুৱাহাটীত জয়লাভ কৰিব পাৰিলেহে তেওঁলোকে শৃংখলালৈ প্রত্যাৱর্তন ঘটাব পাৰিব৷ অন্যথা ইয়াতেই পাঁচখনীয়া শৃংখলাটো হেৰুৱাব লাগিব৷ অসম ক্রিকেট সন্থাই জনোৱা মতে ইতিমধ্যে ২৫ হাজাৰৰো অধিক টিকট বিক্রী হৈছে৷ বাকী থকা টিকটসমূহো বিক্রী হ’ব বুলি আশা কৰিছে তেওঁলোকে৷ উল্লেখ্য যে বর্ষাপাৰাৰ ক্রিকেট ষ্টেডিয়ামত দর্শকৰ আসনৰ সংখ্যা প্রায় ৩৭ হাজাৰ৷ ইয়াৰে কেইহাজাৰমান টিকট প্রাক্তন খেলুৱৈ, সংগঠক আৰু বিচিচিআইৰ কর্মকর্তাৰ বাবে সংৰক্ষিত কৰি ৰখা হয়৷ মন কৰিবলগীয়া যে ইয়াৰ পূর্বেও অষ্ট্রেলিয়াই বর্ষাপাৰাত টি–২০ মেচত অৱতীর্ণ হৈছে৷ ইতিমধ্যে অনুষ্ঠিত তিনিখন মেচৰ দুখনৰ ফলাফল ওলাইছে যদিও এখন বৰষুণৰ বাবে পৰিত্যক্ত হৈছে৷ অৱশ্যে কাইলৈ বৰষুণে বিধি পথালি দিয়াৰ সম্ভাৱনা নাই৷ সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া মেচখনৰ দর্শকৰ বাবে বিয়লি ৪ বজাৰ পৰা দ্বাৰ মুকলি কৰা হ’ব৷ কাইলৈ ষ্টেডিয়ামৰ চৌদিশে যান–জঁট গতিৰোধৰ বাবে যান–বাহন আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ মেচৰ সময়ছোৱাত যাতে কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নহয় তাৰ বাবেও আৰক্ষী প্রসাশনে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ উল্লেখ্য যে ভাৰতৰ বাবে কাইলৈৰ মেচখন প্রতিশোধ পূৰণৰ মেচ ৰূপেও পৰিগণিত হৈছে৷ কিয়নো ইয়াৰ পূর্বে অনুষ্ঠিত মেচখনত অষ্ট্রেলিয়াই ভাৰতক ৮ উইকেটত পৰাস্ত কৰিছিল৷ প্রথমে বেটিং কৰি ৰোহিত শর্মাৰ ভাৰতে নির্ধাৰিত ২০ অভাৰত ১১৮ ৰানতে ইনিংছ সামৰিছিল৷ প্রত্যুত্তৰত অষ্ট্রেলিয়াই ১৫.৩ অভাৰত ২ উইকেটত বিজয় লক্ষ্যত উপনীত হৈছিল৷ কাইলৈ সূর্য কুমাৰ যাদৱৰ দলটোৱে প্রতিশোধ পূৰণৰ সুযোগ লাভ কৰিছে৷

#বাৰ্তা ডেস্ক

You might also like