নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্ভিক্ষৰ কবলত যুদ্ধভূমি গাজাৰ নিৰীহ বাসিন্দা

🔹 প্রতি দহজনৰ ৯জনেই কটাইছে অনাহাৰে

বিশেষ বাৰ্তা, ১১ ডিচেম্বৰ : ইজৰাইলৰ ধাৰাবাহিক বোমাবর্ষণত যুদ্ধভূমি গাজা ইতিমধ্যে বধ্যভূমিলৈ সলনি হৈছে৷ সঘনে পেলেষ্টাইনী নিৰীহ লোকৰ তেজেৰে ৰক্তাক্ত হৈছে গাজা৷ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা গাজাৰ পৰিস্থিতি অতি ভয়াৱহ বুলি ঘোষণা কৰা হৈছে৷ অঞ্চলটোৰ মুঠ জনসংখ্যাৰ আধাসংখ্যকেই ভয়াৱহ সংকটৰ সন্মুখীন হোৱা বুলি ৰাষ্ট্রসংঘৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ সংস্থা বি বি চিক জনাইছে৷ ৰাষ্ট্রসংঘৰ বিশ্ব খাদ্য আঁচনি (ডব্লিউএফপি)ৰ উপ–সঞ্চালক কার্ল স্কাউৱে উল্লেখ কৰা অনুসৰি বহু সাহায্য সামগ্রীৰ ভিতৰত মাত্র এটা অংশহে গাজা ভূ–খণ্ডলৈ যোগান ধৰা হৈছে৷ প্রতিদিনে গাজাত দুর্ভিক্ষৰ সন্মুখীন হৈছে লাখ লাখ লোক৷ প্রতি ১০গৰাকী লোকৰ ৯গৰাকীয়ে দৈনিক আহাৰ লাভ কৰা নাই গাজাত৷ লক্ষণীয় বিষয়টো হৈছে হামাছক সম্পূর্ণৰূপে নিঃশেষ নকৰা পর্যন্ত ইজৰাইলে গাজাত আক্রমণ বন্ধ নকৰে বুলি হুংকাৰ দিছে৷ আনকি ৰাষ্ট্রসংঘৰ উদ্যোগত গ্রহণ কৰা যুদ্ধবিৰতিৰ প্রস্তাৱ আমেৰিকাৰ প্রতিৰোধৰ বাবে অগ্রাহ্য হৈছে৷ এতিয়ালৈকে গাজাত ১৭,৭০০ লোক নিহত হৈছে৷ নিহতসকলৰ ভিতৰত ৭ সহস্রাধিক শিশু থকা বুলি দাবী কৰিছে বিভিন্ন আন্তর্জাতিক সংস্থাই৷ ইয়াৰ পিছতো গাজাত বন্ধ হোৱা নাই ইজৰাইলী বোমাবর্ষণ৷ পৰিণতিত সমগ্র অঞ্চলটোত নিৰাপদ স্থান নোহোৱা হৈ পৰিছে নিৰীহ লোকসকলৰ বাবে৷

You might also like