নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ ডিচেম্বৰত বিৰোধী ‘ইণ্ডিয়া’ জোঁটৰ পৰৱর্তী বৈঠক

বিশেষ বাৰ্তা, ১১ ডিচেম্বৰ : বিজেপিবিৰোধী ‘ইণ্ডিয়া’ জোঁটৰ পৰৱর্তী বৈঠক অনুষ্ঠিত হ’ব আগন্তুক ১৯ ডিচেম্বৰত ৷ কংগ্রেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এই কথা ঘোষণা কৰিছে৷ এয়া হ’ব ‘ইণ্ডিয়া’ জোঁটৰ চতুর্থ বৈঠক ৷ ছত্তিশগড়, মধ্যপ্রদেশ আৰু ৰাজস্থানত কংগ্রেছৰ পৰাজয়ৰ পিছত এয়া হ’ব বিৰোধী জোঁটৰ প্রথম বৈঠক৷ উল্লেখনীয় যে যোৱা ৬ ডিচেম্বৰত কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গেই ‘ইণ্ডিয়া’ জোঁটৰ বৈঠক আহ্বান কৰিছিল যদিও বহুকেইটা দলৰ নেতাই এই বৈঠকত উপস্থিত থকিব নোৱাৰে বুলি জনোৱাৰ পিছত বৈঠক স্থগিত ৰখা হৈছিল৷ অৱশ্যে ৬ ডিচেম্বৰত ‘ইণ্ডিয়া’ জোঁটৰ সংসদীয় নেতাসকলৰ বৈঠক অনুষ্ঠিত হৈছিল৷ কালি জয়ৰাম ৰমেশে কয় যে ‘মে নহী, হাম’ শ্লোগানেৰে পৰৱর্তী সময়ৰ কাম–কাজ আৰম্ভ কৰিব৷ ‘ইণ্ডিয়া’ জোঁটৰ পূর্বৰ বৈঠকত ২৭টা দলৰ প্রতিনিধিয়ে অংশগ্রহণ কৰিছিল৷ আগন্তুক বৈঠকত কোনো নতুন দলে অংশগ্রহণ কৰিব নে নাই, সেই সন্দর্ভত অৱশ্যে জয়ৰাম ৰমেশে কোনো কথা স্পষ্ট কৰা নাই৷

You might also like