নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ৰ নতুন মুখ্যমন্ত্রী বিষ্ণু দেও ছাই

🔹 জনপ্রিয় জনজাতি নেতাক বাছনি বিজেপিৰ

বিশেষ বাৰ্তা, ১১ ডিচেম্বৰ : ছত্তিশগড়ত বিজেপিৰ মুখ্যমন্ত্রী বাছনিৰ ক্ষেত্রত আহি পৰা সংকটৰ অৱসান ঘটিছে৷ কালি দলটোৱে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্রী হিচাপে বাছনি কৰে জনপ্রিয় জনজাতি নেতা বিষ্ণু দেও ছাইক৷ ১৯৯০ চনৰ পৰা বিষ্ণু দেও ছায়ে বিজেপিৰ এগৰাকী জনপ্রিয় নেতা হিচাপে ৰাজ্যখনত কাম–কাজ চলাই আহিছে৷ ইয়াৰ পূর্বে বিষ্ণু দেও ছাই আছিল কেন্দ্রীয় মন্ত্রী তথা সাংসদ৷ ছত্তিশগড়ৰ মুখ্যমন্ত্রী পদৰ দাবীদাৰসকলৰ মাজত ‘ডার্ক হর্ছ’ হিচাপে চিহ্ণিত হৈছিল বিষ্ণু দেও ছাই৷ প্রাক্তন মুখ্যমন্ত্রী ৰমণ সিং আৰু ৰেণুকা সিঙক পিছ পেলাই সকলোৰে গ্রহণযোগ্য নেতা হিচাপে বিষ্ণু দেও ছায়ে মুখ্যমন্ত্রী পদত বাছনি লাভ কৰিলে ছত্তিশগড়ত৷ উল্লেখনীয় যে পর্যবেক্ষকসকলে কালি বৈঠকত মিলিত হোৱাৰ সময়ত ৰাজ্যখনত মুখ্যমন্ত্রী পদৰ বাবে জনজাতীয় মুখক অগ্রাধিকাৰ দিয়া হয়৷ এগৰাকী জনপ্রিয় নেতা হিচাপে বিষ্ণু দেও ছাইৰ নাম আলোচনালৈ আহে৷ উল্লেখনীয় যে ২০২০ চনৰ পৰা ২০২২ চনলৈ বিজেপিৰ ছত্তিশগড়ৰ সভাপতিৰ দায়িত্বতো আছিল বিষ্ণু দেও ছাই৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রথমটো কার্যকালত তীখা দপ্তৰৰ ৰাজ্যিক মন্ত্রী হিচাপে দায়িত্ব পালন কৰিছিল নেতাগৰাকীয়ে৷ ছত্তিশগড়ৰ ৰায়পুৰ লোকসভা সমষ্টিৰ পৰা বিজেপি সাংসদ হিচাপে পূর্বে নির্বাচিত হৈছিল বিষ্ণু দেও ছাই৷ বিজেপিৰ ৰাষ্ট্রীয় কার্যনির্বাহকৰ এগৰাকী সদস্যৰ দায়িত্বতো আছে ছাই৷ উল্লেখনীয় যে অজিত যোগীৰ পিছত ছত্তিশগড়ৰ দ্বিতীয়গৰাকী জনজাতি মুখ্যমন্ত্রী হিচাপে বিষ্ণু দেও ছায়ে দায়িত্ব লাভ কৰিছে৷ ১৯৯০ চনতে মধ্যপ্রদেশৰ পৰা ৰাজনৈতিক যাত্রা আৰম্ভ কৰিছিল ছায়ে৷ ১৯৯০–৯৮ত মধ্যপ্রদেশ বিধানসভাৰ সদস্য আছিল ছাই৷ ইয়াৰ পিছত মধ্যপ্রদেশৰ পৰা জন্মলাভ কৰে ছত্তিশগড়ে ৷ ছত্তিশগড়ৰ কানকুৰি সমষ্টিৰ পৰা কংগ্রেছ বিধায়ক ইউডি মিঞ্জক পৰাস্ত কৰি বিধানসভালৈ নির্বাচিত হৈছে বিষ্ণু দেও ছাই৷ ১৯৯৯ৰ পৰা ২০১৪ চনলৈ চাৰিবাৰকৈ লোকসভা নির্বাচনত জয়লাভ কৰিছিল নেতাগৰাকীয়ে৷ যশপুৰত জন্মলাভ কৰা বিষ্ণু দেও ছায়ে ৰাজনীতিত যোগদান কৰাৰ পূর্বে এগৰাকী কৃষক আছিল৷ আটাইতকৈ গুৰুত্বপূর্ণ কথা হৈছে বিষ্ণু দেও ছাই ৰাজ্যখনৰ চাহু (তেলী) সম্প্রদায়ৰ ব্যক্তি৷ দেশৰ ভিতৰতে ছত্তিশগড় অধিক জনজাতি লোকৰ বাসভূমি৷ গতিকে আগন্তুক লোকসভা নির্বাচনলৈ লক্ষ্য ৰাখি বিজেপিয়ে ছত্তিশগড়ত বিষ্ণু দেও ছাইক মুখ্যমন্ত্রী হিচাপে বাছনি কৰিছে৷

You might also like