পেন্সনৰ টকাৰ বাবে স্বামীক জীৱন্তে জ্বলোৱাৰ চেষ্টা পত্নীৰ
বিশেষ বাৰ্তা, ১১ ডিচেম্বৰ : স্বামীৰ ওপৰত পত্নীৰ নির্যাতনৰ চৰম ৰূপ দেখিবলৈ পোৱা গ’ল মহাৰাষ্ট্রৰ থানেত৷ কিছুদিন পূর্বৰে পৰা ৬১ বছৰীয়া এই ব্যক্তিগৰাকীৰ ওপৰত অত্যাচাৰ চলাই আহিছে পত্নীয়ে৷ শেহতীয়াকৈ স্বামীৰ পেন্সনৰ ধন নিজৰ নামত লাভ কৰাৰ চেষ্টাৰে স্বামীক জীৱন্তে জ্বলাই মৰাৰ চেষ্টা চলালে পত্নীয়ে৷ সংকটজনক অৱস্থাত এই ব্যক্তিগৰাকীক হাস্পতালত ভর্তি কৰোৱা হৈছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, পত্নী আৰু কন্যাৰ দুই বন্ধুৱে এনেদৰে ব্যক্তিগৰাকীক হত্যাৰ চেষ্টা চলায়৷ বিভিন্ন সময়ত ব্যক্তিগৰাকীৰ পেন্সনৰ ধন কাঢ়ি লৈ যায় পত্নীয়ে৷ ৮ ডিচেম্বৰৰ নিশা পত্নী আৰু ২ যুৱকে ব্যক্তিগৰাকীক পেট্র’ল ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰে৷ প্রতিৱেশীয়ে ব্যক্তিগৰাকীক হাস্পতাললৈ লৈ আহে যদিও তেওঁৰ পত্নী আৰু ২ যুৱক পলাতক অৱস্থাত আছে৷