কি যে কাপোৰ পিন্ধে !
🔹 ড০ পার্থসাৰথি মহন্ত
‘কি যে কাপোৰ পিন্ধে ! আমি নোৱাৰোঁ পায় !’ একাংশ মহিলাৰ কাপোৰৰ বিষয়ে দিয়া মন্তব্য৷ একাংশ পুৰুষেও সুবিধাটো লয়৷ নিজৰ কু–কর্মৰ দোষ পিন্ধা–উৰাৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰে– ভিক্টিমৰ পিন্ধা–উৰা৷
নাৰী বিভিন্ন অপৰাধৰ ভিক্টিম ৷ বেছিভাগ অপৰাধীয়ে নাৰীক সহজ চিকাৰ বুলি গণ্য কৰে৷ শাৰীৰিক শক্তিৰ পার্থক্যৰ লগতে এই মানসিকতা নাৰী অপৰাধীৰ লক্ষ্য হৈ পৰাৰ এটা প্রধান কাৰণ৷
কিছুমান অপৰাধ আছে– কেৱল নাৰীৰ লগতে হয় ৷ যেনে– ৰেপ, মলেষ্টেচন ৷ ধর্ষণ, নাৰীৰ শালীনতা হানি ৷ ভয়ানক অপৰাধ ৷ লগতে আৰু এটা ভয়ানক কথা হ’ল অপৰাধৰ দোষ ভিক্টিমৰ ওপৰতে জাপি দিয়াৰ অপচেষ্টা৷ একেবাৰে পোনপটীয়াকৈ ক’বলৈ গ’লে ভিক্টিমে কেনেকৈ কাপোৰ পিন্ধিছে তাৰ ওপৰত সমস্ত দোষ জাপি দিয়া৷ ভিক্টিমৰ কাপোৰ পিন্ধা ধৰণৰ কাৰণেহে ৰেপ হ’ল, মলেষ্টেচন হ’ল৷ ধাৰেৰে কাটিব, তাৰ পাছত গাদীৰে গদিয়াব৷ ৰেপ, মলেষ্টেচনৰ দৰে ভয়ংকৰ অপৰাধৰ বলি হোৱাৰ পিছত প্রকাৰান্তৰে দোষীও সজাব৷
অপৰাধীয়ে বাচিবলৈ আবোল–তাবোল বকিবই৷ কিন্তু নিৰপেক্ষ চিন্তা বা মত কি হোৱা উচিত? অপৰাধৰ কথা ওলালেই আহে পৰিসংখ্যাৰ কথা৷ আমি সোমাই পৰোঁ পৰিসংখ্যাৰ বিশ্লেষণত৷ নাৰীৰ ওপৰত হোৱা অপৰাধৰ ক্ষেত্রত লগতে আহে কাপোৰৰ কথা৷ শৰীৰ ঢাক খাই থকা কাপোৰ নিপিন্ধা বা শৰীৰৰ কিছু অংশ উন্মুক্ত কৰি কাপোৰ পিন্ধা কাৰণেহে এনে অপৰাধ হয় বুলি কোৱাৰ এটা প্রৱণতা আছে৷
আনহে নালাগে, ১৯৯৯ চনত ৰোমৰ ছুপ্রিম ক’র্টে কৈছিল যে নাৰীয়ে জিন্ছ পিন্ধা উচিত৷ জিন্ছ পিন্ধিলে ৰেপ কৰা কঠিন৷ ৰেপৰ খবৰ পালে প্রায় সকলোৱে সোধে কি পিন্ধি আছিল? ব্রিটেইনৰ দৰে দেশতো এমনেষ্টি ইণ্টাৰনেচনেলে কৰা এটা সমীক্ষাত এক তৃতীয়াংশ অংশগ্রহণকাৰীয়ে কাপোৰ পিন্ধাৰ ধৰণৰ কাৰণেই ৰেপ, মলেষ্টেচন হয় বুলি মত প্রকাশ কৰিছিল৷ এই মানুহখিনিৰ এটাই কথা৷ কাপোৰ–কানি যদি ভালদৰে পিন্ধিলেহেঁতেন, মার্জিত হ’লহেঁতেন এই কাণ্ড নহ’লহেঁতেন৷
কিমান সত্য এই সিদ্ধান্ত?
আমেৰিকাৰ ন্যায় বিভাগে কিন্তু এই মতক সম্পূর্ণ নস্যাৎ কৰি দিছে৷ ন্যায় বিভাগৰ এই মতৰ সৈতে একেই মত ৰেপ, এবিউজ আৰু ইনচেষ্ট নেচনেল নেটৱর্কৰো৷ ই আমেৰিকাৰ সর্ববৃহৎ যৌন নির্যাতনবিৰোধী বেচৰকাৰী সংগঠন৷ আমেৰিকাৰ হিংসাত্মক অপৰাধ আয়োগে এটা অধ্যয়নো চলাইছিল৷ এই অধ্যয়নে উন্মোচন কৰা এটা তথ্য হ’ল গোচৰ হিচাপে পঞ্জীয়ন হোৱা ৰেপৰ মাত্র ৪.৪ শতাংশহে উত্তেজক আচৰণৰ বাবে সংঘটিত হয়৷ আৰু এটা ডাঙৰ তথ্য উদঘাটন হ’ল– দোষী সাব্যস্ত হোৱা ধর্ষণকাৰী (অর্থাৎ এই লোকখিনিৰ বিৰুদ্ধে ধর্ষণৰ গোচৰ পঞ্জীয়ন হৈ তদন্ত হোৱাৰ পিছত বিচাৰো সম্পূর্ণ হ’ল আৰু তেওঁলোক দোষী বুলি আদালতত প্রমাণিত হ’ল)খিনিয়ে ক’লে যে ভিক্টিমে কি কাপোৰ, কেনেধৰণৰ সাজ–পাৰ পিন্ধি আছিল তেওঁলোকৰ মনতেই নাই৷ অর্থাৎ কাপোৰ পিন্ধাৰ ধৰণৰ ওপৰত নির্ভৰ নকৰে যৌন আক্রমণ হ’ব নে নহয়৷ এই অধ্যয়নটোত আৰু এটা কথা আৱিষ্কাৰ হ’ল– নিষ্ক্রিয় ব্যক্তিত্বৰ মহিলা বেছিকৈ যৌন আক্রমণৰ চিকাৰ হয়৷ পোহৰলৈ অহা আন এটা আশ্চর্যজনক তথ্য হ’ল– তৰপ তৰপকৈ কাপোৰ পিন্ধা, দীঘল পেণ্ট, দীঘল হাত, ডিঙিলৈকে ঢকা কাপোৰ পিন্ধা মহিলা বেছিকৈ যৌন আক্রমণকাৰীৰ লক্ষ্য হয়৷ অধ্যয়নটোত অংশ লোৱা এক তৃতীয়াংশ পুৰুষে ক’লে যে অপৰাধটো কৰি সাৰি যাব পাৰিব যেন লাগিলে তেওঁলোকে যিকোনো মহিলাকে যৌন আক্রমণ কৰিব পাৰে, লক্ষ্য কৰি লোৱা মহিলাগৰাকীয়ে কি কাপোৰ পিন্ধিছে সেয়া একো গুৰুত্বপূর্ণ নহয়৷ সেই কাৰণে নান অর্থাৎ মঠবাসিনীও যৌন আক্রমণৰ লক্ষ্য হ’ব পাৰে, ইউনিফর্ম পৰিহিতা সৈনিকো যৌন আক্রমণৰ লক্ষ্য হ’ব পাৰে৷ দুয়ো শৰীৰ সম্পূর্ণকৈ ঢাক খাই থকা সাজেই পিন্ধে৷
আৰু এটা কথা৷ পুৰুষ যেতিয়া যৌন আক্রমণৰ চিকাৰ হয়, কোনেও তেতিয়া নোসোধে ভিক্টিমে কি পিন্ধি আছিল৷ যৌন নিগ্রহৰ চিকাৰ হোৱা পুৰুষে এটা ইণ্টাৰেষ্টিং ভ্রান্ত ধাৰণাৰ স’তেও যুঁজিবলগীয়া হয়– ৰেপৰ ভিক্টিম হোৱা পুৰুষে অপৰাধটো উপভোগ কৰে বা পুৰুষক ধর্ষণ কৰিব নোৱাৰি৷ বিশেষকৈ এই দুটা কথাৰ কাৰণে বেছিভাগ পুৰুষ ভিক্টিমেই যৌন নিগ্রহৰ বলি হোৱা কথাটো লুকুৱাই ৰাখে৷ তথাপি কিন্তু কোনেও নকয়– ভুলটো ভিক্টিমৰ, পুৰুষজনৰ৷ আমেৰিকাৰ ৯ শতাংশ যৌন নিগ্রহৰ ভিক্টিম কম বয়সৰ পুৰুষ৷ তেওঁলোকক কিন্তু কাপোৰ কেনেকৈ পিন্ধিব লাগে কোৱা নহয়, কেনেধৰণৰ সাজ–পাৰ পিন্ধিব লাগে প্রবচন দিয়া নহয়৷
তেনেহ’লে মহিলা ভিক্টিমৰ ক্ষেত্রত আমাৰ মত, নীতি কিয় বেলেগ? হাত কটা গেঞ্জি পিন্ধি বাহু উলিয়াই ফুৰা ল’ৰা এটা যদি যৌন নিগ্রহৰ চিকাৰ হয়, আমি কাপোৰৰ ওপৰত দোষ নিদিওঁ৷ কিন্তু আঁঠুৰ ওপৰত পৰা স্কার্ট পিন্ধা ছোৱালী এজনী যদি যৌন নিগ্রহৰ চিকাৰ হয় আমি কাপোৰৰ ওপৰত দোষ দিওঁ৷ স্কার্ট এটা দুই ইঞ্চি চুটি–দীঘল হোৱাই নির্ণয় কৰে অপৰাধৰ কাৰণ৷ মানে অপৰাধীৰ মানসিকতা অর্থাৎ বিকৃত মানসিকতা একো কথাই নহয়৷
এটা কথাত হয়তো আমি বেছিভাগেই একমত যে পৰিৱেশভেদে আমি কাপোৰ পিন্ধিব জানিব লাগিব৷ পুৰুষ–মহিলা উভয়ে৷ ব্যক্তি স্বাধীনতাক সন্মান জনাব লাগে– ঠিক আছে৷ লগতে আকৌ সামাজিক দায়িত্ব আৰু সাংস্কৃতিক দায়বদ্ধতাও আমি পাহৰিব নালাগিব৷ মানে ক’ত কি পিন্ধিব লাগে জানিব লাগিব৷ ব্যক্তি স্বাধীনতাৰ দোহাই দি সাংস্কৃতিক পৰিৱেশ এটা নষ্ট কৰি পেলোৱাটো কোনোপধ্যে মানি ল’ব নোৱাৰি৷ ব্যক্তি স্বাধীনতা আৰু সামাজিক দায়বদ্ধতাৰ ভাৰসাম্য ৰাখিব নোৱাৰিলে আমি সামূহিক জীৱনৰ সন্তুলনো ৰাখিব নোৱাৰিম৷ কিন্তু সেইবুলি এইটোও নহয় যে নিগৃহিতৰ কাপোৰৰ কথা কৈ আমি তেওঁক দুবাৰকৈ ভিক্টিম কৰিম৷
দিল্লীৰ বাছত নির্ভয়া ধর্ষণ আৰু হত্যাকাণ্ড৷ ২০১২ চন৷ গা এতিয়াও শিয়ৰি উঠে৷ কি দোষ আছিল তাইৰ ? কাপোৰ ? চাৰি বছৰীয়া শিশু যেতিয়া নিগৃহিত হয় দোষ কাৰ? সত্তৰ বছৰীয়াৰ যেতিয়া নিগ্রহ হয় তেতিয়া? তেতিয়াও আমি কাপোৰৰ কথাই পাতিম নেকি?
তথাপি কিন্তু আমি অপৰাধীৰ মানসিকতাৰ কথা নাপাতো৷ চাইক’ল’জিকেল প্রফাইলিঙৰ চিন্তা–চর্চা নকৰোঁ৷ সমস্যাটোৰ গুৰিলৈ আমি নাযাওঁ৷ আমি ওপৰে ওপৰে থাকোঁ৷ আমি পৰিসংখ্যা বিশ্লেষণ কৰোঁ, কাপোৰৰ প্রবচন দিওঁ৷ আৰু দোষ জাপি দিবলৈ বাছি লওঁ নিৰীহ ভিক্টিমকেইজনী ৷
‘কি যে কাপোৰ পিন্ধিছিল?’