আমেৰিকাৰ মন্দিৰত ভাৰতবিৰোধী শ্লোগান
বিশেষ বাৰ্তা, ২৩ ডিচেম্বৰ : আমেৰিকাত পুনৰ ভাৰতবিৰোধী শ্লোগান। শিখ বিচ্ছিন্নতাবাদীয়ে পুনৰ লক্ষ্য কৰি ল’লে হিন্দু মন্দিৰ। খালিস্তানীসকলে কেলিফৰ্ণিয়াৰ এটা মন্দিৰৰ দেৱালত লিখে ভাৰতবিৰোধী শ্লোগান। কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ভাবুকি দিয়া হৈছে। হিন্দু আমেৰিকান ফাউণ্ডেচনে ইয়াৰ এক্স হেণ্ডেলত মন্দিৰত আক্ৰমণৰ ওপৰত আলোকপাত কৰিছে। তেওঁলোকে কয়- কেলিফৰ্ণিয়াৰ নেৱাৰ্কৰ স্বামীনাৰায়ণ মন্দিৰৰ দেৱালত খালিস্তানীসকলে ভাৰতবিৰোধী শ্লোগান লিখিছে। কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ভাবুকি দিয়া হৈছে। নেৱাৰ্ক আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এই ঘটনাৰ খবৰ আমেৰিকাৰ ন্যায় বিভাগৰ নাগৰিক অধিকাৰ বিভাগকো দিয়া হৈছে। অৱশ্যে আমেৰিকাত এইটো প্ৰথম ঘটনা নহয়। ইয়াৰ আগতেও হিন্দুসকলৰ পূজাস্থলী খালিস্তানীৰ ক্ৰোধৰ আওতালৈ আহিছে। নেৱাৰ্ক আৰক্ষীয়ে এই সন্দৰ্ভত সম্পূৰ্ণ তদন্তৰ আশ্বাস দিছে।