যীশুখ্রীষ্টৰ জন্মস্থান বেথেলহামত নাই বৰদিনৰ উলাহ, নাই খ্রীষ্টমাছ ট্রী
🔹 হামাছ–ইজৰাইল যুদ্ধৰ পৰিণতিত বন্ধ বেথেলহামৰ সকলো প্রতিষ্ঠান
বিশেষ বাৰ্তা, ২৫ ডিচেম্বৰ : নাই উলাহ–উদ্যম, নাই খ্রীষ্টমাছ ট্রী ৷ যীশুখ্রীষ্টৰ জন্মস্থান বেথেলহামত নাই বৰদিনক লৈ কোনো আয়োজন৷ যাক লৈ পৃথিৱীৰ সমস্ত খ্রীষ্টান ধর্মাৱলম্বী লোকে বৰদিন উদযাপন কৰে, সেই খ্রীষ্টানৰ ভগৱান যীশুখ্রীষ্টৰ জন্মস্থানত নাই উদযাপনৰ কোনো উমঘাম৷ একপ্রকাৰ মৰিশালিৰ দৰে পৰিস্থিতি বিৰাজমান বেথেলহামত৷ বেথেলহামৰ গির্জাত নাই উদযাপনৰ কোনো উমঘাম৷ অঞ্চলটোৰ সকলো প্রতিষ্ঠান বন্ধ৷ কার্যতঃ বেথেলহাম যেন বৰদিন উদযাপনৰ পৰা বহু দূৰৈত৷ হামাছ আৰু ইজৰাইল সেনাৰ মাজত চলি থকা যুদ্ধৰ বাবেই যীশুখ্রীষ্টৰ জন্মস্থান বেথেলহামত এই অভাৱনীয় পৰিস্থিতি৷ কাহানিও নেদেখা এক পৰিৱেশৰ সৃষ্টি হৈছে বেথেলহামত৷ পেলেষ্টাইনী চহৰখনত নাই এতিয়া কোনো পর্যটক, নাই কোনো তীর্থযাত্রী৷ যুদ্ধৰ শংকাৰ বাবেই ইজৰাইল অধ্যুষিত ৱেষ্ট বেংকৰ চহৰখনত এতিয়া মৰিশালিৰ নিস্তব্ধতা ৷ উল্লেখ্য যে যোৱা ৭ অক্টোবৰত গাজাৰ হামাছ সন্ত্রাসবাদীয়ে ইহুদীৰ দেশ ইজৰাইলত আক্রমণ চলোৱাৰ লগে লগে হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ইজৰাইলীয়ে৷ উক্ত দিনাৰে পৰা ইজৰাইলী সেনাই গাজাৰ লগতে পেলেষ্টাইনৰ ৱেষ্ট বেংকতো আকাশী মার্গেৰে আক্রমণ চলাই আছে৷ গাজাক ধ্বংসস্তূপত পৰিণত কৰাৰ বিপৰীতে ৱেষ্ট বেংকতো ইজৰাইলী সেনাই আক্রমণ চলাই আছে৷ বেথেলহামতো এই যুদ্ধৰ প্রভাৱ পৰিছে৷ তাৰ বাবেই এইবেলি বৰদিনত নাই কোনো বৰদিনৰ আয়োজন ৷ যুদ্ধৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখিয়েই বেথেলহামলৈ কোনো পর্যটক আৰু তীর্থযাত্রী যাবলৈ সাহস গোটাব পৰা নাই৷ বিশ্বত শান্তিৰ বার্তা বিলাই যোৱা যীশুখ্রীষ্টৰ জন্মস্থানতেই এতিয়া নাই শান্তিৰ বার্তা প্রেৰণ কৰা তীর্থযাত্রী ৷