মোদীৰ ইউটিউব চেনেলৰ ছাবস্ক্রাইবাৰ দুই কোটি অতিক্রম
🔹 বিশ্বৰ প্রথম ৰাজনৈতিক নেতা
বিশেষ বাৰ্তা, ২৭ ডিচেম্বৰ : প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ইউটিউব চেনেলৰ ছাবস্ক্রাইবাৰৰ সংখ্যা ২ কোটি অতিক্রম কৰিছে৷ দুই কোটি গ্রাহক অতিক্রম কৰা বিশ্বৰ প্রথম নেতা হিচাপে স্বীকৃতি লাভ কৰিছে প্রধানমন্ত্রী মোদীয়ে৷ প্রধানমন্ত্রী মোদীৰ জনপ্রিয়তা দিনে দিনে বৃদ্ধি হৈ থকাৰ প্রমাণ হিচাপে ইউটিউবত দুই কোটি গ্রাহক অতিক্রম কৰা বিষয়টো চর্চিত হৈছে৷ প্রধানমন্ত্রীৰ চেনেলটোত বিভিন্ন বিষয়ক লৈ চর্চা চলে৷ ভাৰতীয় ৰাজনীতিৰ লগতে বিভিন্ন বিষয়ক লৈ এই চেনেলত চর্চা চলে বাবেই দেশৰ লগতে বিদেশৰ ৰাজনীতিকো প্রধানমন্ত্রী মোদীৰ চেনেলৰ ছাবস্ক্রাইবাৰ হিচাপে অন্তর্ভুক্ত হৈছে৷ তদুপৰি প্রধানমন্ত্রী মোদীৰ ইউটিউব চেনেলটোত প্রায় ২৩ হাজাৰ ভিডিঅ’ প্রচাৰ হৈছে, যিটো এক অভিলেখ বুলি ক’ব পাৰি ৷ ইউটিউবৰ উপৰি প্রধানমন্ত্রী মোদীৰ ইনষ্টাগ্রাম আৰু হোৱাটছএপৰ অনুগামীও অধিক আছে৷ ছ’চিয়েল মিডিয়া মঞ্চ এক্সৰ যোগেদি জনসাধাৰণৰ সৈতে সাঙোৰ খাই থকা প্রধানমন্ত্রীৰ ইউটিউব চেনেল, ইনষ্টাগ্রাম আৰু হোৱাটছএপৰ অনুৰাগীৰ সংখ্যা প্রতিদিনে বৃদ্ধি হৈ আছে বুলিও তথ্যত প্রকাশ পাইছে৷ প্রধানমন্ত্রীগৰাকীয়ে উল্লিখিত ছ’চিয়েল মিডিয়াযোগে জনসাধাৰণৰ সৈতে অহৰহ সম্পর্কিত হৈ থাকে৷ নাগৰিকৰ সৈতে প্রত্যক্ষভাৱে সাঙোৰ খাই থাকি চৰকাৰৰ স্বচ্ছতা আৰু দায়বদ্ধতাক আগবঢ়াই নি থকাৰ বাবেও প্রধানমন্ত্রীগৰাকীৰ এনে সামাজিক মাধ্যম জনপ্রিয় হৈ আছে৷