ৰঞ্জি ট্রফীলৈ অসম দল ঘোষণা
বিশেষ বাৰ্তা, ৩০ ডিচেম্বৰ : ৰঞ্জি ট্রফীৰ প্রথম দুখন মেচৰ বাবে অসম দলটো আজি ঘোষণা কৰিছে অসম ক্রিকেট সন্থাই৷ দেশৰ আগশাৰীৰ ঘৰুৱা প্রতিযোগিতাখনত অসমে প্রথম দুখন মেচ ক্রমে ছত্তীশগড় আৰু কেৰালাৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ অসমৰ প্রথমখন মেচ ৫ জানুৱাৰীৰ পৰা ৰায়পুৰত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ ১২ জানুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব৷ প্রথম দুখন মেচৰ বাবে ঘোষণা কৰা অসম দলটো হ’ল– ৰিয়ান পৰাগ (অধিনায়ক), আকাশ সেনগুপ্তা, ৰাহুল হাজৰিকা, ঋষভ দাস, স্বৰূপম পুৰকায়স্থ, ডেনিছ দাস, বিশাল ৰয়, মৃন্ময় দত্ত, সুনীল লাচিত, ৰাহুল সিং, সিদ্ধার্থ শর্মা, মুখতাৰ হুছেইন, কুনাল শর্মা, কুনাল শইকীয়া, সুমিত গাড়িগাওকাৰ৷ ষ্টেণ্ডবাই হিচাপে আছে ছাহিল জৈন, শুভম মণ্ডল, আবিৰ চক্রৱর্তী, ৰোছন আলম, ধৰণী ৰাভা, দিবাকৰ জ’হৰী আৰু অভিষেক ঠাকুৰী৷