নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰৰ শেষত মৰ্মান্তিক দুৰ্ঘটনা, জীৱন্তে অগ্নিদগ্ধ ৬জন

বিশেষ বাৰ্তা, ৩১ ডিচেম্বৰ : বছৰৰ শেষত মহাৰাষ্ট্ৰত সংঘটিত হয় এক কৰুণ দুৰ্ঘটনা। যোৱানিশা মহাৰাষ্ট্ৰৰ এটা গ্লভছ কাৰখানাত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। কাৰখানাটোত সংঘটিত অগ্নিকাণ্ডত কমেও ৬জন শ্ৰমিক অগ্নিদগ্ধ হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। পুৱতি নিশা মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত থকা গ্লভছ কাৰখানাটোত অগ্নিকাণ্ড সংঘটিত হয়। খবৰ অনুসৰি, শ্ৰমিককেইজনে কাৰখানা চৌহদত শুই আছিল। জুই লাগি যোৱাৰ পিছতো তেওঁলোক ওলাই আহিব নোৱাৰিলে। এই খবৰ পোৱাৰ পিছতে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী দ্ৰুতগতিত সেই স্থানত উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাৰে কাম-কাজ আৰম্ভ কৰে যদিও বিশেষ সফল হ’ব নোৱাৰিলে । জানিব পৰা মতে, অগ্নিনিৰ্বাপক বাহিনীয়ে কাৰখানাটোৰ পৰা ৬জন শ্ৰমিকৰ জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰে। এই সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ মোহন মুংছে কয়- ‘আমালৈ পুৱা প্ৰায় ২:১৫ বজাত ফোন আহিছিল। গৈ পোৱাৰ লগে লগে দেখিলোঁ গোটেই কাৰখানাটো জ্বলি আছে। আমাৰ শ্ৰমিকসকলে কাৰখানাত প্ৰৱেশ কৰি ৬জন লোকৰ মৃতদেহ উদ্ধাৰ কৰে।’

You might also like