‘ন্যায় বিচাৰি’ উত্তৰাখণ্ডৰ আদালতত হাজিৰ গজৰাজ !
🔹 ছ’চিয়েল মিডিয়াত ভাইৰেল
বিশেষ বাৰ্তা, ১ জানুৱাৰী : সকলো পশুৰ নিজস্ব সমাজ আছে৷ সেইবাবে গাত মানুহৰ গোন্ধ থকা হাতীক জংঘলৰ বনৰীয়া হাতীৰ জাকে আদৰি নলয়৷ উত্তৰাখণ্ডৰ আদালতত এটা বনৰীয়া হাতীৰ উপস্থিতিয়ে সৃষ্টি কৰে চাঞ্চল্য৷ বহুতে হাতীটোৱে ‘ন্যায় বিচাৰি’ আহিছিল নেকি বুলি ৰসিকতা কৰিছে৷ ইতিমধ্যে ইয়াৰ ভিডিঅ’ই ছ’চিয়েল মিডিয়াত জ্বৰ তুলিছে৷ হৰিদ্বাৰৰ ৰোছানাবাদ অঞ্চলত আছে জিলা আদালত৷ অলপতে আদালতখনৰ চৌহদত আহি উপস্থিত হয় বিশালদেহী এটা হাতী৷ হাতীটোৱে আদালতৰ মূল প্রৱেশদ্বাৰৰ একাংশ ভাঙি পেলোৱাৰ উপৰি ইয়াৰ চৌহদৰ দেৱালৰো ক্ষতিসাধন কৰে৷ দীর্ঘ সময় ধৰি আদালতৰ ফালে চাই শুঁৰ দাঙি গুজৰি–গুমৰি থকা হাতীটোক অৱশ্যে বনকর্মীসকলে শূন্যলৈ গুলী চলাই অৰণ্য অভিমুখে খেদি পঠিয়ায়৷ কি কাৰণত আদালতত এনেদৰে হাতীটো উপস্থিত হৈছিল, তাক লৈ প্রত্যক্ষদর্শীৰ মাজত সৃষ্টি হয় কৌতূহল৷