অপ্ৰতিৰোধ্য মোদী : ‘দ্য গার্ডিয়ান’ সংবাদপত্ৰৰ বিশ্লেষণ
বাৰ্তা ডিজিটেল ডেস্ক, ২ জানুৱাৰীঃ কেইটামান মাহৰ পিছতে এই বর্ষটোতে অনুষ্ঠিত হ’ব সাধাৰণ নির্বাচন৷ নির্বাচনত কোন জিকিব, কোন হাৰিব সেই চর্চা ইতিমধ্যে দেশজুৰি আৰম্ভ হৈছে৷ এই চর্চা কেৱল ভাৰতবর্ষৰ চাৰিসীমাৰ মাজতে সীমাবদ্ধ হৈ থকা নাই৷ বিশ্বৰ আন আন ৰাষ্ট্রতো ভাৰতৰ পৰৱর্তী চৰকাৰখনক লৈ আলোচনা চলিব ধৰিছে৷ গ্রেট ব্রিটেইনৰ অগ্রণী তথা বিশ্বৰ এখন খ্যাতনামা সংবাদ পত্র ‘দ্য গার্ডিয়ান’ত নতুন দিল্লীৰ সিংহাসনত কোন অধিষ্ঠিত হ’ব, তাক বিশ্লেষণসহ স্পষ্টকৈ উল্লেখ কৰা হৈছে৷ বিগত বর্ষৰ অন্তিম দিনটোত সংবাদ পত্রখনত প্রকাশিত এটা লেখাত ভৱিষ্যদ্বাণী কৰি কোৱা হৈছে যে ২০২৪ চনত অনুষ্ঠিতব্য লোকসভা নির্বাচনত বিজেপিৰ জয় অনিবার্যপ্রায়৷ তদুপৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীক অপ্রতিৰোধ্য বুলি সংবাদ পত্রখনে উচ্ছ্বাস প্রকাশ কৰিছে৷ আনহাতে, বিৰোধী পক্ষক সমালোচনা কৰি কোৱা হৈছে যে বিৰোধী দলসমূহে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজাৰ কথা কৈ থাকিলেও তেওঁলোকৰ মাজত বহু গুৰুত্বপূর্ণ বিষয় সম্ভৱ হোৱা নাই ঐকমত্য৷ গ্রেট ব্রিটেইনৰ সংবাদ পত্রখনে বিজেপি আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শক্তি আৰু সম্ভাৱনাক লেখাটোৰ জৰিয়তে নিৰপেক্ষভাৱে বিশ্লেষণ কৰি ৰাষ্ট্রীয় ৰাজনৈতিক দলটোৰ দুর্বল দিশো উল্লেখ কৰিছে৷ ‘দ্য গার্ডিয়ান’ৰ মতে শেহতীয়াকৈ তিনিখন ৰাজ্যৰ বিধানসভা নির্বাচনত জয়লাভ কৰি প্রাপ্ত আত্মবিশ্বাস, প্রধানমন্ত্রী মোদীৰ জনপ্রিয়তা আৰু ৰাম মন্দিৰত প্রাণ প্রতিষ্ঠাৰ দৰে কার্যসূচীৰ বাবে বিজেপি একেৰাহে তৃতীয়বাৰলৈ ক্ষমতালৈ অহাটো নিশ্চিত হৈ পৰিছে৷ ‘কেবল এয়াই নহয়, দলটোক প্রতিহত কৰাটো অসম্ভৱপ্রায়৷’–সংবাদ পত্রখনত এইদৰে দাবী কৰা হৈছে৷ ‘দ্য গার্ডিয়ান’–এ দেশখনত বর্তমান ৰাজনৈতিক পৰিদৃশ্যকো লেখাটোৰ মাজলৈ টানি আনিছে৷ সংবাদ পত্রখনৰ মতে ভাৰতবর্ষত বর্তমান বিৰাজমান ৰাজনৈতিক পৰিদৃশ্য আৰু ৰাজনৈতিক বিশ্লেষকৰ মাজত এক ধৰণৰ সহমত গঠন হৈছে যে প্রধানমন্ত্রী মোদী আৰু বিজেপিয়ে জয়লাভ কৰাটো নিশ্চিত হৈছে৷ ইফালে, লেখাটোত প্রধানমন্ত্রী মোদী আৰু বিজেপিৰ সাফল্যৰ আঁৰত কিহে ক্রিয়া কৰিব তাকো সংবাদ পত্রখনত উল্লেখ কৰিছে৷ সেই অনুসৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জনপ্রিয়তা আৰু তেওঁৰ শক্তিশালী নেতাৰ ভাবমূর্তিৰ লগতে বিজেপি হিন্দু ৰাষ্ট্রবাদী এজেণ্ডাত বুজন সংখ্যক হিন্দু ভোটাৰ প্রভাৱান্বিত হৈছে৷ বিশেষকৈ উত্তৰ ভাৰতৰ হিন্দী বলয়ত বিজেপি লক্ষণীয়ভাৱে ভোটাৰক নিজৰ পক্ষলৈ আনিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে ৰাষ্ট্রীয় প্রেক্ষাপটত বিজেপিৰ দুর্বল দিশসমূহকো বিশ্লেষণটোৰ মাজলৈ অনাৰ প্রয়াস কৰিছে সংবাদ পত্রখনে৷ ‘দ্য গার্ডিয়ান’ৰ মতে দেশৰ দক্ষিণ আৰু পূব অংশত বিৰোধী পক্ষ বিজেপিৰ তুলনাত শক্তিশালী৷ কিন্তু তেওঁলোক থানবান হৈ আছে আৰু দুর্বল দেখা গৈছে৷ বিজেপিৰ জয়ক অনিবার্যপ্রায় বুলি উল্লেখ কৰা সংবাদ পত্রখনত ভাৰতৰ প্রধান বিৰোধী দল কংগ্রেছৰো বিষয়ে বিশেষভাৱে উল্লেখ কৰা হৈছে৷ ইয়াত মূলতঃ দলটোৰ দৈন্যদশাহে প্রতিফলিত হৈছে৷ অর্থাৎ আসন্ন লোকসভা নির্বাচনত কংগ্রেছৰ কোনো সম্ভাৱনাই দেখা নাই ‘দ্য গার্ডিয়ান’–এ৷ ৰাজনৈতিক বিশ্লেষণটোত উল্লেখ কৰা হৈছে যে ভাৰতীয় জাতীয় কংগ্রেছে শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা নির্বাচনত তেলাংগানা জয় কৰিলেও দলটোৰ হাতত এতিয়া মাথোঁ তিনিখন ৰাজ্যহে আছে৷ তদুপৰি দলটো অন্তর্কলহত জর্জৰ৷ একেদৰে বিজেপিক ক্ষমতাৰ পৰা অপসাৰণ কৰিম বুলি হুংকাৰ দি ‘ইণ্ডিয়া’ গঠন কৰা বিৰোধী পক্ষকো আলোচনাৰ মাজলৈ অনা হৈছে৷ ‘ইণ্ডিয়া’ৰ অংশীদাৰ দলকেইটাই বিজেপিৰ বিৰুদ্ধে যুঁজত ঐক্যবদ্ধ হৈ অৱতীর্ণ হ’ব বুলি মুখেৰে কৈ আছে যদিও কার্যতঃ ইয়াৰ প্রতিফলন ঘটা নাই৷ ঐক্যবদ্ধ যুঁজৰ কথা কোৱা বিৰোধী দলকেইটাৰ মাজতেই এতিয়াও বহু গুৰুত্বপূর্ণ বিষয়ত ঐকমত্য হ’বলৈ বাকী আছে৷ এই প্রেক্ষাপটত দেশখনত জনসাধৰণৰ মাজত চিন্তাৰ প্রবাহ এটা লাহে লাহে ব’বলৈ ধৰিছে যে বিজেপিৰ জয় নিশ্চিত যেন লাগিছে৷ সংবাদ পত্রখনৰ অনুসৰি ২০১৪ চনত প্রতিষ্ঠানবিৰোধী লহৰৰ সহায় লৈ প্রধামন্ত্রী নৰেন্দ্র মোদী শাসনলৈ আহিছিল৷ ইয়াৰ বিপৰীতে ২০১৯ চনৰ জয়লাভত সন্ত্রাসবাদী আক্রমণৰ বিৰুদ্ধে গ্রহণ কৰা ব্যৱস্থাই মুখ্য ভূমিকা গ্রহণ কৰিছিল বুলি কোৱা হৈছে৷ ‘দ্য গার্ডিয়ান’ৰ মতে সন্ত্রাসবাদী আক্রমণৰ পাছত পাকিস্তানত চলোৱা এয়াৰ ষ্ট্রাইকৰ জৰিয়তে ৰাষ্ট্রীয় সুৰক্ষাৰ তাড়না এটা দেশজুৰি সৃষ্টি হৈছিল আৰু তাৰেই ভেটিত বিজেপি তথা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অভিলেখ ৰচি জয়লাভ কৰিছিল৷ অৱশ্যে এইটো এতিয়াও স্পষ্ট নহয় যে সমাগত লোকসভা নির্বাচনত বিজেপিয়ে ২০১৯ চনত লাভ কৰা ফলাফল পুনৰ অর্জন কৰিব পাৰিব৷ কিন্তু ৰাজস্থান, মধ্যপ্রদেশ আৰু ছত্তিশগড় বিধানসভা নির্বাচনত বিজেপিয়ে লাভ কৰা সাফল্যৰ মূলতে যে প্রধামন্ত্রী নৰেন্দ্র মোদীৰ জনপ্রিয়তা একমাত্র কাৰণ সেইটো প্রতিপন্ন হৈছে৷ তিনিওখন ৰাজ্যৰ বিধানসভা নির্বাচনত বিজেপিয়ে ৰণনীতিক কৌশল হিচাপে প্রধানমন্ত্রীৰ ভাবমূর্তিক আগত ৰাখিছিল৷ ৰাজ্য তিনিখনত মুখ্যমন্ত্রীৰ চেহেৰা জনসাধৰণৰ সন্মুখত দাঙি ধৰা হোৱা নাছিল৷ এককথাত ক’বলৈ গ’লে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভাবমূর্তিকে মূলধন হিচাপে লৈ বিজেপিয়ে তিনিওখন ৰাজ্যত সাফল্য অর্জন কৰিছিল৷ এইবেলিও বিজেপিয়ে অনুৰূপ নীতি হাতত লৈছে৷ অর্থাৎ জয়লাভৰ আধাৰ হ’ব প্রধানমন্ত্রী মোদীৰ ভোটৰ আবেদন আৰু চৰকাৰখনৰ জনকল্যাণমূলক আঁচনিৰ লগতে ৰাষ্ট্রবাদী এজেণ্ডা৷