নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেছিৰ অৱসৰৰ পিছত ১০নং জার্ছীকো অৱসৰ দিব আর্জেণ্টিনাই

বাৰ্তা ডিজিটেল ডেস্ক, ২ জানুৱাৰীঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ পদাংক অনুসৰণ কৰাৰ দিশে আগবাঢ়িছে আর্জেণ্টিনাৰ ফুটবল এছ’চিয়েচনে৷ বিচিচিআয়ে মহেন্দ্র সিং ধোনীৰ ৭নং জার্ছীক অৱসৰ দিয়াৰ পিছত এইবাৰ আর্জেণ্টিনাৰ ফুটবল এছ’চিয়েচনে ১০নং জার্ছীটোক অৱসৰ দিয়াৰ সিদ্ধান্ত ল’বলৈ ওলাইছে৷ তাৰকা খেলুৱৈ লিঅ’নেল মেছিয়ে অৱসৰ লোৱাৰ পিছত তেওঁ পৰিধান কৰা ১০নং জার্ছীটো দেশৰ আন খেলুৱৈক পিন্ধিবলৈ দিয়া নহ’ব বুলি সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে মেছিৰ পূর্বে আর্জেণ্টিনাৰ কিংবদন্তি প্রয়াত ডিয়েগ’ মাৰাডোনাই ১০নং জার্ছীটো পৰিধান কৰিছিল৷ আর্জেণ্টিনাৰ ফুটবল এছ’চিয়েচনৰ মুৰব্বী ক্লাউডি’ টাপিয়াই সংবাদ মেলত কয় যে যিদিনা মেছিয়ে জাতীয় দলৰ পৰা অৱসৰ ল’ব, সেইদিনাৰ পৰাই আমি আন কোনো খেলুৱৈক ১০নং জার্ছীটো পিন্ধিবলৈ নিদিওঁ৷ মেছিৰ সন্মানত ১০নং জার্ছীটোক আজীৱন অৱসৰ দিয়া হ’ব৷ এইটোৱেই মেছিৰ বাবে আমি কৰিব পৰা আটাইতকৈ গৌৰৱ কাম হ’ব৷ মন কৰিবলগীয়া যে কিছু বছৰ পূর্বে আর্জেণ্টিনাৰ ফুটবল এছ’চিয়েচনে ১৯৮৬ চনৰ বিশ্বকাপৰ নায়ক মাৰাডোনাৰ সন্মানত ১০নং জার্ছীটোক অৱসৰ দিব বিচাৰিছিল যদিও ফিফাৰ নিয়মে বাধাৰ সৃষ্টি কৰিছিল৷ ফিফাৰ নিয়ম অনুসৰি প্রতিযোগিতাৰ ১ৰ পৰা ২৩ নম্বৰৰ জার্ছী পৰিধান কৰিব লাগিব৷ ২০০২ চনত আর্জেণ্টিনাৰ হৈ ১০নং জার্ছী পিন্ধিছিল এৰিয়েল অর্টেগাই৷ সময়ৰ বৃত্তত ১০ নম্বৰ জার্ছীটোৰ মালিক হৈ পৰিল মেছি৷ ২০২২ চনৰ বিশ্বকাপজয়ী আর্জেণ্টিনা দলটোৰ অধিনায়ক মেছিয়ে আনুষ্ঠানিকভাৱে অৱসৰ ল’লেই জার্ছীটোকো অৱসৰ দিয়া হ’ব বুলি এএফএৰ মুৰব্বী টাপিয়াই প্রকাশ কৰে৷ উল্লেখ্য যে আর্জেণ্টিনাৰ হৈ ১০নং জার্ছীটো পিন্ধি মেছিয়ে এতিয়ালৈকে ১৮০খন মেচত ১০৬টা গ’ল স্ক’ৰ কৰিছে৷ মেছিৰ নেতৃত্বত আর্জেণ্টিনাই ২০২১ চনত কোপা আমেৰিকাৰো খিতাপ জয় কৰিছিল৷

You might also like