নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য : তিনি মন্ত্রীক বর্খাস্ত মালদ্বীপ চৰকাৰৰ

🔹 মালদ্বীপ ভ্রমণ বাতিল সহস্রাধিক ভাৰতীয় নাগৰিকৰ

বিশেষ বাৰ্তা, ৮ জানুৱাৰী : ভাৰত আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য আগবঢ়োৱাৰ বাবে তিনিগৰাকী মন্ত্রীক নিলম্বন কৰিছে মালদ্বীপ চৰকাৰে৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লাক্ষাদ্বীপৰ সাগৰ তীৰত প্রাতঃভ্রমণ আৰু স্নোৰকেলিঙৰ অভিজ্ঞতাৰে সামাজিক মাধ্যমত আলোকচিত্র প্রচাৰ কৰি স্বর্গসুখৰ মুহূর্ত বুলি ব্যক্ত কৰি আগ্রহীক লাক্ষাদ্বীপ ভ্রমণ কৰিবলৈ আহ্বান জনোৱাক লৈ পৰোক্ষভাৱে ভাৰত আৰু মালদ্বীপৰ পর্যটনৰ সংঘাত পৰিস্ফুট হয়৷ লাক্ষাদ্বীপ আৰু মালদ্বীপৰ সাগৰ উপকূলৰ পর্যটনৰ তুলনাত্মক বিশ্লেষণ সামাজিক মাধ্যমযোগে প্রচাৰ হৈ থকাৰ পিছত মালদ্বীপৰ তিনিজন মন্ত্রীয়ে প্রধানমন্ত্রী মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য আগবঢ়ায়৷ প্রধানমন্ত্রীৰ বিৰুদ্ধে মালদ্বীপৰ মন্ত্রীয়ে আপত্তিজনক মন্তব্য আগবঢ়োৱাৰ পিছতে ভাৰতৰ কেইবাসহস্র নাগৰিকে মালদ্বীপৰ সাগৰ তীৰৰ ভ্রমণসূচী বাতিল কৰে৷ ক্রিকেট কিংবদন্তি শচীন তেণ্ডুলকাৰৰ পৰা বলীউডৰ চেলিব্রিটী, ক্রীড়াখণ্ডৰ পৰা ৰাজনীতিলৈকে বিশিষ্ট ব্যক্তিয়ে সামাজিক মাধ্যমযোগে বয়কট মালদ্বীপ অভিযান আৰম্ভ কৰে৷ বয়কট মালদ্বীপ অভিযানে সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰাৰ পিছত প্রধানমন্ত্রী মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা মন্ত্রীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ বাবে দেশখনৰ প্রাক্তন ৰাষ্ট্রপতিয়ে চৰকাৰখনক আহ্বান জনায়৷ মালদ্বীপৰ যুৱ সবলীকৰণৰ উপ–মন্ত্রী মৰিয়ম ছিউনাই প্রধানমন্ত্রী মোদীক ইজৰাইলৰ ক্লোন আৰু পাপেট বুলি অশোভনীয় মন্তব্য কৰে৷ মন্ত্রীগৰাকীৰ এই মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰে দেশখনৰে প্রাক্তন ৰাষ্ট্রপতি মহম্মদ নাছিদে৷ মালদ্বীপৰ মন্ত্রীয়ে প্রধানমন্ত্রী মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবে এই সন্দর্ভত প্রত্যক্ষভাৱে মালদ্বীপ চৰকাৰৰ ওচৰত প্রতিবাদ জনায়৷ সামাজিক মাধ্যমযোগে মালদ্বীপৰ বিৰুদ্ধে অভিযান তীব্রতৰ হৈ উঠাত অৱশেষত দেশখনৰ ৰাষ্ট্রপতি মহম্মদ মুইজুৱে কঠোৰ পদক্ষেপ গ্রহণ কৰি মন্ত্রী তিনিগৰাকীক নিলম্বন কৰে৷ মুইজু নেতৃত্বাধীন চৰকাৰৰ পৰা নিলম্বন কৰা মন্ত্রী তিনিগৰাকী হৈছে মৰিয়ম ছিউনা, মালছা আৰু হাছান জিহান৷ উল্লেখনীয় যে চীনৰ সমর্থনকাৰী ৰাষ্ট্রপতি মহম্মদ মুইজুৱে দায়িত্ব গ্রহণ কৰাৰ পিছতে ভাৰত আৰু মালদ্বীপৰ মাজত সম্পর্কৰ কিছু অৱনতি ঘটে৷ দ্বীপৰাষ্ট্রখনৰ পৰা ভাৰতীয় সামৰিক বাহিনী প্রত্যাহাৰ কৰিবলৈ নির্দেশ দিছিল ৰাষ্ট্রপতি মুইজুৱে৷ চীনক প্রাধান্য দিয়া মুইজুৱে ভাৰতৰ বিৰুদ্ধে এনে পদক্ষেপ লোৱাৰ সময়তে প্রধানমন্ত্রী মোদীৰ বিৰুদ্ধে তেওঁৰ চৰকাৰৰ মন্ত্রীয়ে আপত্তিজনক মন্তব্য আগবঢ়াই দুয়োখন দেশৰ সম্পর্কক অধিক চৰম অৱনতিৰ দিশে আগবঢ়াই নিব বুলি শংকা ব্যক্ত কৰিয়েই তিনিওজন মন্ত্রীক নিলম্বন কৰা হৈছে৷ আনকি, চৰকাৰখনে মন্ত্রীৰ এনে মন্তব্যই চৰকাৰৰ মতক প্রাধান্য নিদিয়ে বুলিও স্পষ্ট কৰি দিয়া হৈছে৷

You might also like