নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰ চাৰি বছৰীয়া পুত্ৰক হত্যা মুখ্য কাৰ্যবাহী বিষয়াৰ

বিশেষ বাৰ্তা, ৯ জানুৱাৰী : এক চাঞ্চল্যকৰ হত্যাকাণ্ড। তথ্য প্ৰযুক্তি কোম্পানী এটাৰ মুখ্য কাৰ্যবাহী বিষয়া এগৰাকীয়ে নিজৰ চাৰি বছৰীয়া পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। কেৱল সেয়াই নহয়, মৃতদেহটো বেগত ভৰাই গোৱাৰ পৰা বেংগালুৰুলৈ উভতিও যায়। অভিযুক্তগৰাকীৰ নাম সুচানা শেঠ। জানিব পৰা মতে, শনিবাৰে সুচানাই নিজৰ চাৰি বছৰীয়া ল’ৰাটোৰ সৈতে দক্ষিণ গোৱাৰ ছল বানিয়ান গ্ৰেণ্ড নামৰ হোটেল এখনত আশ্ৰয় লৈছিল। পিছত সোমবাৰে হোটেলখনৰ পৰা টেক্সি ভাৰা কৰি কৰ্ণাটক অভিমুখে যাত্ৰা কৰে। সেই সময়ত মহিলাগৰাকীৰ সৈতে পুত্ৰক দেখা নোপোৱাত হোটেলৰ কৰ্মচাৰীসকলৰ সন্দেহ হয়। তদুপৰি মহিলাগৰাকী থকা কোঠাতো চাফা কৰি থাকোঁতে হোটেলৰ কৰ্মচাৰীয়ে তেজৰ দাগ দেখা পোৱাত সন্দেহ অধিক ঘনীভূত হয়। হোটেল কৰ্তৃপক্ষই স্থানীয় আৰক্ষীৰ সৈতে ততাতৈয়াকৈ যোগাযোগ কৰে। পিছত আৰক্ষীয়ে অনুসন্ধান চলাই এটা বেগত পুত্ৰৰ মৃতদেহৰ সৈতে সুচানাক আটক কৰে। কেলাংগুটৰ এটা আৰক্ষী দলে সোমবাৰে সুচানাক কৰ্ণাটক আৰক্ষীৰ জিম্মাৰ পৰা ট্ৰেঞ্জিট ৰিমাণ্ডত গোৱালৈ লৈ যায়। সুচানাৰ স্বামীকো মাতি অনা হৈছিল থানালৈ। ইতিমধ্যে গোৱা আৰক্ষীয়ে সুচানাক জেৰা অব্য়াহত ৰাখিছে। সুচানাই কিয় এনে এটা নৃশংস ঘটনা সংঘটিত কৰিলে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

প্ৰেৰক শুভ্ৰাশ্ময় কাশ্যপ

You might also like