টাইকোৱানডোত উজলিছে নলবাৰীৰ দ্ৰোণাদিত্য
নিয়মীয়া বার্তা, ১০ জানুৱাৰী : ইতিমধ্যে কেবাখনো ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযগিতাত নিজৰ সুকীয়া আৰু আকৰ্ষণীয় ক্ৰীড়াশৈলীৰে টাইকোৱানডোৰ জগতখনত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নলবাৰীৰ ক্ৰীড়াবিদ দ্ৰোণাদিত্য তালুকদাৰে শেহতীয়াভাৱে গুৱাহাটীস্থিত নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৩৮ সংখ্যক সদৌ অসম টাইকোৱানডো চেম্পিয়নশ্বিপত নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি ছাব জুনিয়ৰৰ কিউৰ’গিৰ ৩৫ কে:জি: শাখাত সোণৰ পদক অৰ্জন কৰাৰ উপৰি ছাব জুনিয়ৰ দলীয় শাখাৰ পুমচে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে উক্ত প্ৰতিযোগিতাত অসমৰ আটাইকেইখন জিলাৰ পৰা বিভিন্ন শাখাত প্ৰায় ১১০০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। নলবাৰীৰ বিদ্যাপুৰ নিবাসী প্ৰণৱ তালুকদাৰ আৰু কাজল শৰ্মাৰ পুত্ৰ দ্ৰোণাদিত্যই বৰ্তমানে নলবাৰীৰ এক্সিলেন্স টাইকোৱানডো ট্ৰেইনিং চেন্টাৰত প্ৰশিক্ষণ লৈ আছে। দ্ৰোণাদিত্যৰ এনে সফলতাত নলবাৰী জিলা টাইকোৱানডো সন্থাৰ সভাপতি মনোজ কুমাৰ চৌধুৰী আৰু সাধাৰণ সম্পাদক জ্ঞানদ্বীপ কলিতাৰ লগতে নলবাৰী জিলাৰ ক্ৰীড়ামোদী ৰাইজে অভিনন্দন জ্ঞাপন কৰে।
প্রেৰক তপন কুমাৰ শর্মা