ৰাম মন্দিৰত বহুওৱা হ’ল প্রথমখন সোণৰ দুৱাৰ
বিশেষ বাৰ্তা, ১১ জানুৱাৰী : ৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসে নির্মাণ কৰা অযোধ্যাৰ ৰাম মন্দিৰত বহুওৱা হ’ল প্রথমখন সোণৰ দুৱাৰ৷ ২২ জানুৱাৰীত ৰাম মন্দিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ উদ্বোধনৰ পূর্বে ১৩খন সোণৰ দুৱাৰ স্থাপন কৰা হ’ব মন্দিৰত৷ ইয়াৰে প্রথমখন ইতিমধ্যে স্থাপন কৰা হৈছে৷ মন্দিৰ নির্মাণ সম্পূর্ণ হোৱালৈকে মুঠ ৪৬খন দুৱাৰ বহুওৱা হ’ব৷ ইয়াৰে ৪২খন দুৱাৰতেই পৰিব সোণৰ প্রলেপ৷ দুৱাৰবোৰৰ সৌন্দর্যয়ো মুগ্ধ কৰিব ভক্ত তথা পর্যটকসকলক৷ প্রথমখন দুৱাৰৰ দৈর্ঘ্য ১২ ফুট আৰু প্রস্থ ৮ ফুট৷