নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ জানুৱাৰীৰ পৰা বাজেট অধিৱেশন

🔷 ১ ফেব্ৰুৱাৰীত অন্তৰ্ৱৰ্তীকালীন বাজেট দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

বাৰ্তা ডিজিটেল ডেস্ক, ১১ জানুৱাৰী : সমাগত লোকসভা নিৰ্বাচন। কেন্দ্ৰৰ মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিম সময়ত ৩১ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ বাজেট অধিৱেশন অনুষ্ঠিত হ’ব বুলি সূত্ৰ অনুসৰি জানিব পৰা গৈছে। উল্লেখ্য যে ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব লগা বাজেট অধিৱেশনৰ সময়ত ১ ফেব্ৰুৱাৰীত সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অন্তৰ্ৱৰ্তীকালীন বাজেট দাখিল কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। উক্ত দিনটোতে বিত্তমন্ত্ৰীগৰাকীয়ে সংসদত যোৱা এবছৰৰ অৰ্থনৈতিক হিচাপ আৰু আগন্তুক বিত্তীয় বৰ্ষত কোনবোৰ কামৰ বাবে ধনৰ প্ৰয়োজন হ’ব, এই সম্পৰ্কত তথ্য দাখিল কৰিব বুলি জনা গৈছে। লগতে বিত্ত মন্ত্ৰালয়ৰ সৈতে জড়িত মুখ্য অৰ্থনৈতিক উপদেষ্টা আৰু তেওঁৰ দলটোৱে প্ৰস্তুত কৰা অৰ্থনৈতিক জৰীপ অহা ৩১ জানুৱাৰীত দাখিল কৰা হ’ব।

You might also like