নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰৰ মুকলি অনুষ্ঠানত অংশ নলয় ছোনিয়া–খার্গেই

🔹 ৰাম মন্দিৰ হৈছে আৰএছএছ–বিজেপিৰ

বিশেষ বাৰ্তা, ১১ জানুৱাৰী : “উত্তৰ প্রদেশৰ অযোধ্যাৰ ৰাম মন্দিৰ মুকলি অনুষ্ঠানত অংশ নলয় কংগ্রেছে৷ মন্দিৰ মুকলি অনুষ্ঠান আৰ এছ এছ আৰু বিজেপিৰ ৰাজনৈতিক প্রকল্প হোৱাৰ পৰিপ্রেক্ষিতত ৰাম মন্দিৰ মুকলিৰ বাবে জনোৱা আমন্ত্রণ প্রত্যাখ্যান কৰিব কংগ্রেছৰ প্রাক্তন সভানেত্রী ছোনিয়া গান্ধী, ৰাষ্ট্রীয় সভাপতি মল্লিকার্জুন খার্গেকে ধৰি আমন্ত্রিত নেতাই৷ কংগ্রেছে এটা বিবৃতিত ৰাম মন্দিৰ মুকলি অনুষ্ঠানত অংশগ্রহণ নকৰা সন্দৰ্ভত এইদৰে স্পষ্ট কৰি দি কয় যে বিগত মাহত কংগ্রেছ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকার্জুন খার্গে, কংগ্রেছৰ সংসদীয় দলৰ অধ্যক্ষা ছোনিয়া গান্ধী আৰু লোকসভাত কংগ্রেছৰ দলপতি অধীৰ ৰঞ্জন চৌধুৰীক অযোধ্যাত ২২ জানুৱাৰী ২০২৪ত অনুষ্ঠিত হ’বলগীয়া ৰাম মন্দিৰ উদ্বোধনলৈ নিমন্ত্রণ জনোৱা হৈছিল৷ ভগৱান ৰামক দেশৰ নিযুত নিযুত লোকে পূজা–প্রার্থনা কৰে৷ ধর্ম হৈছে ব্যক্তিগত বিষয়৷ কিন্তু আৰ এছ এছ আৰু বিজেপিয়ে অযোধ্যাৰ মন্দিৰ ৰাজনৈতিক প্রকল্প হিচাপে গঢ়ি তুলিছে৷ মন্দিৰটো সম্পূর্ণ নোহোৱাকৈ মুকলি কৰিবলৈ ওলাইছে বিজেপি আৰু আৰ এছ এছে নির্বাচনী লাভালাভৰ বাবে৷ ২০১৯ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু দেশৰ ভগৱান ৰামৰ নিযুত নিযুত ভক্তক সন্মান জনাই মল্লিকার্জুন খার্গে, ছোনিয়া গান্ধী আৰু অধীৰ ৰঞ্জন চৌধুৰীয়ে স্পষ্টকৈ আৰ এছ এছ আৰু বিজেপিৰ কার্যসূচী হোৱা বাবে এই মুকলি অনুষ্ঠানৰ আমন্ত্রণ প্রত্যাখ্যান কৰা বুলি কয়৷

You might also like