নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰত প্রাণ প্রতিষ্ঠাৰ প্রাকমুহূর্তত সন্ত্রাসবাদীৰ আক্রমণৰ সম্ভাৱনা

🔹 অযোধ্যাত হাই এলার্ট

🔹 কেন্দ্রীয় চোৰাংচোৱা সংস্থাৰ সতর্কবাণী

বিশেষ বাৰ্তা, ১১ জানুৱাৰী : ভগৱান ৰামৰ জনমভূমি উত্তৰ প্রদেশৰ অযোধ্যাত নির্মাণ হৈ থকা নান্দনিক ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা অহা ২২ জানুৱাৰীত বিশাল আয়োজনেৰে সমাপন হ’ব৷ দেশবাসীৰ দৃষ্টি নিবদ্ধ ভগৱান ৰামৰ প্রাণ প্রতিষ্ঠাৰ প্রাক্মুহূর্তত ৰাম মন্দিৰত সন্ত্রাসবাদী আক্রমণৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ কেন্দ্রীয় চোৰাংচোৱা সংস্থাসমূহে ৰাম মন্দিৰত সন্ত্রাসবাদী আক্রমণৰ সম্ভেদ লাভ কৰাৰ পাছতে সতর্কবাণী জাৰি কৰিছে৷ সন্ত্রাসবাদীয়ে ৰাম মন্দিৰত আক্রমণ চলাই সমগ্র অঞ্চলটোত সাম্প্রদায়িক সংঘর্ষৰ সূত্রপাত ঘটোৱাৰ পৰিকল্পনাৰ তথ্যও লাভ কৰিছে চোৰাংচোৱা সংস্থাসমূহে৷ নির্দিষ্ট এটা সম্প্রদায়ৰ ওপৰত আক্রমণ চলোৱাৰ পাছত সমগ্র অঞ্চলত সাম্প্রদায়িক সংঘর্ষ বিয়পোৱাৰ সম্ভাৱনাও লাভ কৰি ইতিমধ্যে কেন্দ্রীয় চোৰাংচোৱা সংস্থাসমূহৰ সতর্কবাণীৰ ভিত্তিত সমগ্র অযোধ্যাত হাই এলার্ট জাৰি কৰা হৈছে৷ কেন্দ্রীয় চোৰাংচোৱা সংস্থাই লাভ কৰা তথ্য মতে, ভাৰত চৰকাৰে হামাছ সন্ত্রাসবাদী আৰু ইজৰাইলৰ যুদ্ধত ইজৰাইলক সমর্থন কৰাৰ যুক্তিৰে সন্ত্রাসবাদীয়ে এই আক্রমণ চলোৱাৰ লক্ষ্য লৈছে৷ সন্ত্রাসবাদী আক্রমণৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় সংস্থাসমূহে চহৰখনৰ বিভিন্ন পক্ষৰ লগত উচ্চ পর্যায়ৰ বৈঠক আয়োজন কৰিছে৷ ৰাম জনমভূমি উৎসৱত হাই এলার্ট জাৰি কৰি সকলো নিৰাপত্তা বাহিনীক সষ্টম কৰি ৰাখিছে৷ উত্তৰ প্রদেশৰ বিভিন্ন প্রান্তত অশান্তি বিয়পোৱাৰ লক্ষ্যৰে ৰাষ্ট্রবিৰোধী গোটে ছ’চিয়েল মিডিয়াত ৰাষ্ট্রবিৰোধী মন্তব্যৰে এক পৰিস্থিতি গঢ়াৰ লক্ষ্য লৈছে৷ সন্ত্রাসবাদী আক্রমণৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি অযোধ্যা চহৰখনক নিৰাপত্তাৰ অভেদ্য দুর্গত পৰিণত কৰিছে৷

You might also like