নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰি শংকৰাচার্য নাথাকে ৰাম মন্দিৰ উদ্বোধনত

🔹 নির্মাণ সম্পূর্ণ নোহোৱাকৈ ৰামলালাৰ প্রাণ প্রতিষ্ঠা শাস্ত্রবিৰুদ্ধ !

বিশেষ বাৰ্তা, ১১ জানুৱাৰী : আগন্তুক ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব৷ ৰামলালাৰ প্রাণ প্রতিষ্ঠাৰ সাক্ষী হিচাপে সমগ্র দেশৰ পৰা উপস্থিত থাকিব বহু সাধু–সন্ত৷ কিন্তু সেই উদ্বোধনী অনুষ্ঠানত নাথাকে চাৰিগৰাকী শংকৰাচার্য৷ শেহতীয়াকৈ সংবাদ মাধ্যমত প্রকাশ পাইছে এই তথ্য৷ হিন্দুত্ববাদী এক প’র্টেলে দাবী কৰা অনুসৰি যিহেতু প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাম মন্দিৰ উদ্বোধন কৰিব৷ গতিকে ইয়াত ধর্মীয় দিশটোৱে কম প্রাধান্য পাব৷ সনাতন হিন্দু ধর্মৰ শীর্ষ ধর্মগুৰুসকলে ধাৰণা কৰিছে যে মোদী থাকিব অনুষ্ঠানত একেবাৰে প্রথম শাৰীত৷ ইয়াৰ ফলত সনাতন শাস্ত্রৰ দিশটো অৱহেলিত হ’ব৷ উত্তৰাখণ্ডৰ জ্যোতিষপীঠৰ শংকৰাচার্য স্বামী অভিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে উল্লেখ কৰা অনুসৰি চাৰিগৰাকী শংকৰাচার্য সেইদিনাখন মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকে৷ সৰস্বতীৰ মতে, সনাতন ধর্মৰ নিয়ম লংঘিত হ’ব এই অনুষ্ঠানত৷ কিন্তু কাৰো বিৰুদ্ধে শংকৰাচার্যকেইগৰাকীৰ মনত ক্ষোভ নাই বুলিও সৰস্বতীগৰাকীয়ে উল্লেখ কৰিছে৷ মন্দিৰৰ নির্মাণ সম্পূর্ণ নোহোৱাকৈ ৰামলালাৰ প্রাণ প্রতিষ্ঠা শাস্ত্রবিৰুদ্ধ বুলিও শংকৰাচার্য অভিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে উল্লেখ কৰিছে৷ ইফালে, পুৰীপীঠৰ শংকৰাচার্য নিশ্চলানন্দ সৰস্বতীয়ে মোদী চৰকাৰৰ এই প্রচেষ্টা পবিত্র মন্দিৰক লৈ নহয় বুলি উল্লেখ কৰিছে৷

You might also like