🔹 ড্রোন বিনাশক ব্যৱস্থা–১০ হাজাৰ কেমেৰা
🔹 পানীত নিৰীক্ষণৰ বাবে চাৰিখন ক্রুইজ বোট, ৰে’ল ষ্টেচনতো সুৰক্ষা
বিশেষ বাৰ্তা, ১২ জানুৱাৰী : নিৰাপত্তাৰ অভেদ্য দুর্গলৈ ৰূপান্তৰিত হৈছে অযোধ্যাৰ ৰাম মন্দিৰ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীকে ধৰি বিদেশী অতিথিসহ দেশৰ বিশিষ্ট অতিথিৰ উপস্থিতিত অহা ২২ জানুৱাৰীত প্রাণ প্রতিষ্ঠা হ’বলগীয়া ৰাম মন্দিৰৰ মুকলি সুকলমে সমাপন কৰাৰ লক্ষ্যৰে সমগ্র অযোধ্যা চহৰখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ ৰাম মন্দিৰ সংলগ্ণ সমগ্র অঞ্চলটোত ড্রোনবিৰোধী ব্যৱস্থা, কৃত্রিম বুদ্ধিমত্তা পৰিচালিত ১০,৭১৫ চি চি টিভি কেমেৰা সংস্থাপন কৰাৰ লগতে নিৰাপত্তা বাহিনীৰ বিভিন্ন গোট মোতায়েন কৰা হৈছে৷ সমগ্র চহৰখন সূক্ষ্ম নিৰীক্ষণত ৰখাৰ বাবে ইণ্টিগ্রেটেড ট্রেফিক মেনেজমেণ্ট ছিষ্টেম (আইটিএমএছ) স্থাপন কৰা হৈছে৷ এই আইটিএমএছ ব্যৱস্থাত ১,৫০০ চি চি টিভি কেমেৰা থাকিব৷ অযোধ্যা ইয়েলো জ’নত কৃত্রিম বুদ্ধিমত্তা পৰিচালিত ১০,৭১৫ কেমেৰা সংস্থাপন কৰা হৈছে৷ এই কেমেৰাৰ জৰিয়তে মানুহৰ মুখ চিনাক্ত কৰিব পাৰিব৷ অর্থাৎ এই কৃত্রিম বুদ্ধিমত্তাৰে পৰিচালিত কেমেৰা হৈছে মুখ চিনাক্ত প্রযুক্তিৰে সমৃদ্ধ৷ আকাশমার্গৰ পৰা আক্রমণ চলালে সেই আক্রমণ প্রতিহত কৰাৰ বাবে ড্রোনবিধ্বংসী ব্যৱস্থা মোতায়েন কৰা হৈছে৷ উত্তৰ প্রদেশৰ বিশেষ নিৰাপত্তা বাহিনীয়ে ড্রোনবিধ্বংসী ব্যৱস্থা পৰিচালিত কৰিব৷ ইয়াৰ উপৰি জৰুৰীকালীন ব্যৱস্থা অধিক সবলীকৰণৰ লক্ষ্যৰে এনডিআৰএফ আৰু এছডিআৰএফ মোতায়েন কৰা হৈছে৷ আনহাতে, ৰাম মন্দিৰৰ মুকলি অনুষ্ঠানৰ প্রতি লক্ষ্য ৰাখি জলত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হৈছে৷ চাৰিখন ক্রুইজ বোটেৰে এই জলভাগত অহৰহ পহৰা দি থাকিব নিৰাপত্তা বাহিনীয়ে৷ অযোধ্যা ৰে’ল ষ্টেচনত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে৷ শ্রীৰাম জনমভূমি তীর্থক্ষেত্রৰ ন্যাসৰ দ্বাৰা যিসকল লোকক আমন্ত্রণ জনোৱা হৈছে, সেইসকল লোকেহে ২২ জানুৱাৰীত মন্দিৰৰ কার্যসূচীত অংশগ্রহণ কৰিব পাৰিব৷ আনহাতে, যিকোনো স্বাস্থ্যজনিত ঘটনাৰ সৈতে মোকাবিলা কৰি ১০খন বিছনাযুক্ত প্রাথমিক চিকিৎসালয় এখন গঢ়ি তোলা হৈছে৷