বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : দিল্লীৰ আপ চৰকাৰৰ পতন ঘটাবলৈ বিধায়ক কিনা–বেচাৰ চেষ্টা আৰম্ভ কৰিছে বিজেপিয়ে৷ আজি এই অভিযোগ তুলিলে দিল্লীৰ মুখ্যমন্ত্রী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে৷ মুখ্যমন্ত্রী কেজৰিৱালে অভিযোগ কৰা অনুসৰি, সাতগৰাকী বিধায়কক দল সলনি কৰাৰ বাবে বিজেপিৰ তৰফৰ পৰা ২৫ কোটিকৈ টকা প্রদানৰ প্রস্তাৱ দিয়া হৈছে! টেলিফোনত আপ বিধায়কসকলক বিজেপিৰ তৰফৰ পৰা দিয়া প্রস্তাৱ ৰেকর্ড কৰা হৈছে বুলিও দাবী কৰিছে কেজৰিৱালে৷ ইয়াৰ পূর্বে মহাৰাষ্ট্র, মধ্যপ্রদেশ আদি ৰাজ্যত বিৰোধী দলৰ পৰিচালিত চৰকাৰ ভঙাক লৈ বিজেপিকে দোষাৰোপ কৰিছিল কেজৰিৱালে৷ বিভিন্ন ৰাজ্যত ‘অপাৰেচন পদুম’ৰ বাবে বিপুল পৰিমাণৰ টকা নৰেন্দ্র মোদী–অমিত শ্বাহৰ দললৈ ক’ৰ পৰা আহিল, তাক লৈও প্রশ্ণৰ অৱতাৰণা কৰে কেজৰিৱালে৷ ৭০ আসনবিশিষ্ট দিল্লী বিধানসভাত সংখ্যাগৰিষ্ঠতা প্রমাণৰ সংখ্যা হৈছে ৩৬৷ আপৰ বিধায়ক আছে ৬২গৰাকী৷ বিজেপিৰ মাত্র ৮গৰাকী৷ এনেস্থলত কিয় মাত্র সাতগৰাকী বিধায়কক বিজেপিয়ে ক্রয় কৰিব বিচাৰিছে, সেই সন্দর্ভত অৱশ্যে কোনো ব্যাখ্যা দিয়া নাই কেজৰিৱালে৷ মাত্র এবছৰ পূর্বে পঞ্জাবৰ ১০গৰাকী আপ বিধায়কক বিজেপিয়ে ক্রয় কৰাৰ চেষ্টা চলোৱা বুলিও অভিযোগ কৰিছিল কেজৰিৱালে৷ কিন্তু সেই সময়তো তেনেধৰণৰ কোনো তৎপৰতা চকুত পৰা নাছিল ৰাজনৈতিক বিশেষজ্ঞসকলৰ৷