ভাৰত–আমেৰিকাৰ ৩.৯৯ বিলিয়ন ডলাৰৰ ড্রোন চুক্তি
🔹 খালিস্তানী পান্নুনক লৈ চলা বিবাদৰ মাজতে মার্কিন ছিনেটৰ অনুমোদন
বিশেষ বাৰ্তা, ৩ ফেব্রুৱাৰী : খালিস্তানী সন্ত্রাসবাদী গুৰপটৱন্ত সিং পান্নুনক ভাৰতীয় সংস্থাই হত্যাৰ ব্যর্থ পৰিকল্পনা বিষয়টোক লৈ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ মাজত চলি থকা বিবাদৰ সময়তে বহুপ্রতীক্ষিত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ ঘাতক সশস্ত্র ড্রোনৰ চুক্তিত অনুমোদন জনোৱা হৈছে৷ ছিনেট ফৰেইন ৰিলেচন কমিটীৰ অধ্যক্ষ ছিনেটৰ বেন কার্দিনে প্রকাশ কৰা মতে, ৰাষ্ট্রপতি জ’ বাইডেনৰ সৈতে দীর্ঘ সময় ধৰি চলোৱা আলোচনাৰ অন্তত ভাৰতক ৩১ এমকিউ–৯৮ সশস্ত্র ড্রোন বিক্রীৰ সিদ্ধান্তত ছিনেটে অনুমোদন জনায়৷ ভাৰতৰ সৈতে হোৱা এই চুক্তিখন হ’ব ৩.৯৯ বিলিয়ন মার্কিন ডলাৰৰ৷ খালিস্তানী সন্ত্রাসবাদী পান্নুনক লৈ দুই দেশৰ মাজত চলা বিবাদে সশস্ত্র ড্রোন ভাৰতক বিক্রী কৰা চুক্তিত অনিশ্চয়তা চলি আছিল যদিও অৱশেষত ৰাষ্ট্রপতি বাইডেনৰ সৈতে আলোচনাৰ অন্তত এই চুক্তি সম্পন্ন হোৱাৰ দিশে আগবাঢ়িছে৷