নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৮ ফেব্রুৱাৰীত ইটানগৰ বন্ধৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ‘অল নিচি য়ুথ এছ’চিয়েচনে’ অহা ২৮ ফেব্রুৱাৰীত কেইবাটাও দাবীত ১২ ঘণ্টীয়া ইটানগৰ বন্ধৰ আহ্বান জনাইছে৷ সংগঠনটোৰ সভাপতি ব্যাবাংগ জোৰামে অভিযোগ কৰে যে ‘অৰুণাচল প্রদেশ ষ্টাফ ছিলেকচন ব’ড’ৰ জিলাভিত্তিক কোটা প্রয়োগত ৰাজ্য চৰকাৰ ব্যর্থ হৈছে৷ ২০১৯ চনৰ ১৬ অক্টোবৰত গৃহমন্ত্রী বামাং ফেলি’ৰ লগত হোৱা আলোচনাত ৰাজ্য চৰকাৰে এসপ্তাহৰ ভিতৰত জিলাভিত্তিক কোটা প্রয়োগৰ আশ্বাস দিছিল৷ কিন্তু আজিলৈকে উক্ত সিদ্ধান্ত কার্যকৰী কৰাত ৰাজ্য চৰকাৰ ব্যর্থ হৈছে৷ ৰাজ্যখনত চলি থকা বিভিন্ন পৰীক্ষাৰ পৰীক্ষার্থীসকল বন্ধৰ সময়ত প্রভাৱান্বিত নহয় বুলি ছাত্র সংগঠনটোৱে আশ্বাস দিয়ে৷ আনহাতে ৰাজ্যখনৰ গৃহমন্ত্রী বামাং ফেলিক্সে সংবাদমেল যোগে সকলো অভিযোগ নাকচ কৰি সংগঠনটোৰ প্রায়সংখ্যক দাবীয়েই ইতিমধ্যে পূৰণ কৰা হৈছে আৰু বাকীকেইটাও শীঘ্রে কৰা হ’ব বুলি উল্লেখ কৰে৷ সংগঠনটোৱে আহ্বান জনোৱা উক্ত বন্ধ গৃহমন্ত্রীজনে অবৈধ আখ্যা দিছে৷

You might also like