অসমীয়া চিনেমাৰ অৱস্থা
যোৱা ডিচেম্বৰ মাহৰ পৰাই অসমীয়া চিনেমাৰ মন্দাৱস্থা চলিবলৈ আৰম্ভ কৰিছিল৷ ‘কা’বিৰোধী আন্দোলনৰ বাবেই অসমীয়া ছবিৰ দর্শক চিত্রগৃহলৈ আহিবলৈ বাদ দিছিল বুলি ধাৰণা কৰা হৈছিল আৰু সেই ধাৰণাক স্পষ্ট কৰি দিছিল সেই সময়ত চলি থকা ‘প্রতিঘাত’ নামৰ অসমীয়া ছবি এখনৰ প্রদর্শন বন্ধ কার্যই৷ ব্যাপক হাৰত চলা সেই আন্দোলনে মানুহৰ মনৰ পৰা স্ফূর্তি কৰা পৰিৱেশ আঁতৰাই নিছিল আৰু ফলস্বৰূপে চিনেমাৰ প্রদর্শন বন্ধ হৈ পৰিছিল৷ অৱশ্যে এইটো কথাও ঠিক যে হিন্দী ছবিৰ প্রদর্শন কিন্তু বন্ধ হোৱা নাছিল আৰু হিন্দী ছবিবোৰ কেৱল অনা–সমীয়া মানুহেই চাইছিল বুলি ভবাটোও সঠিক নহ’ব৷ হিন্দী চিনেমা চলি থাকিব পাৰে, কিন্তু অসমীয়া চিনেমা কিয় নচলিব বুলিও এটা আলোচনা চলিছিল যদিও সামূহিক আৱেগৰ প্রতিফলন আছিল তাৰ বিপৰীতে৷ অকল এখন চিনেমাৰ প্রদর্শন বন্ধ হোৱাই নহয়, আন ছবিবোৰৰ মুক্তিৰ দিনো অনিশ্চিত কাললৈ পিছুৱাই দিয়া হৈছিল৷ দুই–এখন ছবিৰ দৃশ্যগ্রহণৰ কাম চলি আছিল যদিও ছবিজগতত থাকিবলগীয়া উদ্দাম পৰিৱেশ তেতিয়া স্তিমিত হৈ পৰিছিল৷ সাধাৰণতে দেখা যায় যে খৰালি কালৰ দিনকেইটাকে অসমীয়া ছবিৰ প্রদর্শন বা দৃশ্যগ্রহণৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়৷ কিন্তু বিগত কেইমাহত অসমীয়া ছবিজগত কর্মব্যস্ততাৰ সময়তে কর্মহীন হৈ বহি থাকিল৷ অসমীয়া চিনেমাৰ এই অৱস্থা ভ্রাম্যমাণ থিয়েটাৰতো প্রতিফলিত হ’ল৷ থিয়েটাৰত দর্শকৰ সংখ্যা কমি যোৱা বাবে নাটকৰ প্রদর্শন সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল৷ দুই–এখন থিয়েটাৰ বন্ধ কৰি দিয়াৰ খবৰো প্রচাৰ হৈছে৷ এই পৰিৱেশৰ নেপথ্যৰ কাৰণ অইন এক আলোচনাৰ বিষয়, কিন্তু এই ধৰণৰ ক্ষতিয়ে ৰাজ্যখনৰ এটা দিশক যে ভাবিব নোৱাৰাকৈ দুর্বল কৰি দিব পাৰে সেই কথা অনুধাৱন নকৰাটোহে দুর্বল চিন্তাৰ লক্ষণ৷ গণতান্ত্রিক দেশ এখনত সকলোৰে প্রতিবাদ কৰাৰ অধিকাৰ আছে৷ কিন্তু প্রতিবাদে প্রগতিৰ কথা বাদেই, ধাৰাবাহিকতা বন্ধ কৰি দিয়াটোও দুখৰ কথা৷ এটা সময়ত কোৱা হৈছিল যে বন্ধই ৰাজ্যৰ প্রগতি ৰুদ্ধ কৰি দিয়ে৷ এতিয়া তাৰ লগত আন এটা উপাদানৰ সংযোজন হ’ল৷ প্রতিবাদী সংগঠনসমূহে এই কথা মন কৰা উচিত৷
ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠানৰ সময়ত কিছুসংখ্যক অভিনেতা–ভিনেত্রীয়ে কৈছিল যে এতিয়া পৰিৱেশ নাই বাবে এই বঁটা প্রদান অনুষ্ঠান স্থগিত কৰিব লাগে৷ কিন্তু এই অনুষ্ঠান সফলভাৱেই অনুষ্ঠিত হৈ গ’ল আৰু এই আয়োজনৰ অংশীদাৰ অসম পর্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কোৱাৰ দৰে এই অনুষ্ঠানে অসমীয়া ছবিজগতৰ স্থবিৰ হৈ পৰা পৰিৱেশ গতিশীল কৰি তুলিবলৈ সক্ষম হৈছে৷ কেইবামাহৰ নিষ্ঠুৰ বিৰতিৰ পাছত অসমীয়া ছবিয়ে মুক্তিৰ দিন ঠিক কৰিব পৰা অৱস্থা উভতি আহিছে৷ অকল ছবি মুক্তিয়েই নহয়, অসম চৰকাৰে ঘোষণা কৰা ৰাজ্যিক চলচ্চিত্র বঁটা প্রদানৰ কামটোও আন্দোলনৰ সময়ৰ পৰাই স্থগিত হৈ ৰ’ল৷ এই বঁটা প্রদানৰ লগত জড়িত এটা সংস্থা ‘অসম চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম’ৰ অধ্যক্ষই এই সংস্থাৰ পৰা পদত্যাগ কৰা কার্যয়ো এই বঁটা প্রদান কার্য স্থবিৰ কৰি দিলে৷ ৰাজহুৱা আন্দোলন এটাৰ বাবে চৰকাৰী কাম এটা বন্ধ হৈ থকাটো উচিত নহয়৷ চলচ্চিত্র নির্মাতাই মাচুল দি এই প্রতিযোগিতাত অংশগ্রহণ কৰিছিল আৰু এই বঁটাৰ ওপৰত বহু চলচ্চিত্র কর্মীৰ কেৰিয়াৰৰ ভালেখিনি কথা জড়িত থাকে৷ চলচ্চিত্রৰ পৰিৱেশ ঘূৰাই অনাত চৰকাৰে সহায় কৰাৰ স্বার্থতেই অতি সোনকালে এই বঁটা প্রদান অনুষ্ঠানৰ আয়োজন কৰিব লাগে৷ এই বঁটা আছিল ২০১৮ চনৰ ছবিৰ বাবে, এতিয়া ২০১৯ চনৰ ছবিৰ বঁটাৰ বাবে প্রতিযোগিতা পতাৰো সময় আহিল৷ চৰকাৰে কথাটো মনোযোগেৰে বিবেচনা কৰা উচিত৷