গেৰাণ্টীহীনতা
ভাৰতীয় জনতা পার্টী নেতৃত্বাধীন এন ডি এ একেৰাহে তৃতীয়বাৰলৈ কেন্দ্রৰ শাসনলৈ আহিব নে নাই, সেয়া ভোটগণনাই থিৰাং কৰিব৷ এতিয়ালৈকে নির্বাচনৰ সময়সূচী ঘোষণাই হোৱা নাই৷ কিন্তু দেশখনত সাধাৰণভাৱে ধাৰণা এটা ইতিমধ্যে গা কৰি উঠিছে যে এইবাৰো বিজেপিৰে চৰকাৰ৷ মানে নৰেন্দ্র মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰ৷ ইয়াত দলৰ ঊর্ধ্বত ৰাখি নৰেন্দ্র মোদীৰ কথা উল্লেখ কৰাৰ কাৰণটো হৈছে দেশত পৰৱর্তী চৰকাৰখন গঠনত দল বা কোনো এটা মর্চা নহয়, এজন ব্যক্তি হিচাপে এটা কাৰক হৈ থাকিব এইগৰাকী ব্যক্তি৷ নির্বাচনটোত মোদীৰ উপস্থিতি অথবা অংশগ্রহণে নিজেই এটা পার্থক্য আনি দিব৷ বিজেপিৰ সর্বস্তৰৰ নেতৃত্বই এই কথা ভালদৰে জানে৷ তেওঁলোকে নৰেন্দ্র মোদীৰ গুৰুত্ব আৰু মূল্যকো ভালদৰে অনুধাৱন কৰিব পাৰে৷ সেইবাবে এইবাৰ মোদী গেৰাণ্টী৷ দলটোৱে আসন্ন লোকসভা নির্বাচনত মোদীৰ গেৰাণ্টীক প্রধান অস্ত্র হিচাপে ব্যৱহাৰ কৰাৰ পৰিৱেশ এটা ইতিমধ্যে দেশজুৰি গঢ়ি তুলিছে৷ এই গেৰাণ্টীৰ আঁৰ লৈ বিজেপিয়ে দুটা কার্যকালৰ প্রাপ্তিক দেশৰ জনসাধাৰণৰ সন্মুখত তুলি ধৰিব৷ অর্থনীতিৰ পৰা আন্তঃগাঁথনিলৈকে সকলো ক্ষেত্রত ভাৰতবর্ষই লাভ কৰা বিকাশক ভোটাৰৰ পদূলিয়ে পদূলিয়ে লৈ যাব৷ এক কথাত মোদী গেৰাণ্টী বিজেপিৰ বাবে হ’ব পাৰে একেৰাহে তৃতীয়টো কার্যকালৰ বাবে শাসন লাভৰ গেৰাণ্টী৷ শাসক দল এটা একেৰাহে তৃতীয় বা দ্বিতীয়টো কার্যকালৰ বাবে ক্ষমতালৈ অহাত কেইবাটাও কাৰকে ক্রিয়া কৰে৷ প্রথম আৰু অনিবার্য চর্তটো হৈছে শাসনকালত জনসাধাৰণৰ আশা–আকাংক্ষা পূৰণ কৰিবই লাগিব৷ পুনৰ নির্বাচিত কৰিবলৈ ভোটাৰৰ হাতত শাসক পক্ষৰ সপক্ষে শক্তিশালী যুক্তি থাকিব লাগিব৷ নহ’লে পৰিৱর্তনৰ তাগিদাইহে মানুহক ভোটকেন্দ্রলৈ টানি নিব৷ চৰকাৰ সলনিৰহে সম্ভাৱনা গা কৰি উঠিব৷ ইয়াৰ উপৰি নেতৃত্বৰ দক্ষতাও জনসাধাৰণৰ বিবেচনালৈ আহে৷ কেতিয়াবা কেতিয়াবা নেতৃত্বৰ বিচক্ষণতাৰ প্রভাৱত চৰকাৰ এখনেই জনসাধাৰণৰ পৰীক্ষাত উত্তীর্ণ হৈ যায়৷
দেশখনত মোদী গেৰাণ্টীৰ বিশেষ লহৰে সমাগত লোকসভা নির্বাচনত অনন্য তৰংগ সৃষ্টি কৰাৰ সম্ভাৱনা জগাই তোলাৰ বিপৰীতে বিৰোধী শিবিৰ জর্জৰ হৈ পৰিছে গেৰাণ্টীহীনতাৰ দুর্যোগত৷ দেশৰ জনগণ সাধাৰণ নির্বাচনৰ দিন–তাৰিখৰ অপেক্ষাত থকা সময়ছোৱাত বিৰোধী শিবিৰৰ এনে দুর্গতিত পৰাজয়ৰ বতৰাহে লুকাই থাকে৷ এতিয়া সময় হৈছে সকলো একত্র হৈ সর্বশক্তিৰে নির্বাচনত জঁপিয়াই পৰাৰ অনুশীলনৰ৷ কিন্তু বিৰোধী শিবিৰ ঐক্যবদ্ধ হৈ থাকিব নে নাই তাৰেই গেৰাণ্টী নোহোৱা হৈছে৷ ‘ইণ্ডি’ এলায়েঞ্চৰ দুই প্রধান উদ্যোক্তা তথা চেহেৰা মমতা বেনার্জী আৰু নীতিশ কুমাৰ এতিয়া মঞ্চখনত নাই৷ উত্তৰ প্রদেশত বহু তিতা–কেঁহাৰ মাজেৰে কংগ্রেছ আৰু সমাজবাদী পার্টীৰ মাজত বুজাবুজি সম্ভৱ হৈ উঠিছে যদিও গেৰাণ্টীহীনতাৰ অসুখটো নিৰাময় হোৱা নাই৷ আসন বুজাবুজি চূডান্ত পর্যায়লৈ অহাৰ লগে লগে মঞ্চখনৰ অস্তিত্ব নাথাকিব পাৰে৷ দুর্বল কংগ্রেছৰ ক্ষমতাৰ খঁকৰ বাবেই প্রদেশে প্রদেশে মিত্রতা বুমেৰাং হৈ পৰিব পাৰে৷ গেৰাণ্টীহীনতাৰ আন এখন ছবি দেশবাসীৰ সন্মুখত জলজল–পটপটকৈ ওলাই পৰিছে৷ সেইটো হৈছে কংগ্রেছত নেতা তিষ্ঠি থকাৰ গেৰাণ্টীহীনতা৷ দিল্লীত শিখবিৰোধী নির্যাতনৰ গোচৰত নাম নথকাহেঁতেন বা জ্যোতিৰাদিত্য মাধৱ ৰাও সিন্ধিয়াৰ প্রবল আপত্তি নথকাহেঁতেন এতিয়ালৈকে জ্যেষ্ঠ কংগ্রেছ নেতা কমল নাথ বিজেপিৰ সদস্য হৈ পৰিলহেঁতেন৷ আন এগৰাকী জ্যেষ্ঠ নেতা মনীষ তিৱাৰীও বিজেপিমুখী হোৱাৰ দিশে৷ অসমত ছবিখন আৰু শোচনীয়৷ কোন বিধায়ক, সাংসদ বা নেতাই কেতিয়া কংগ্রেছ ত্যাগ কৰি বিজেপি বা আন দলত যোগদান কৰে, তাৰ একো নিশ্চয়তা নোহোৱা হৈছে৷ দলত থাকিয়েই চৰকাৰক সমর্থন জনোৱাৰ ধাৰা এটাও আৰম্ভ হৈছে৷ এই গেৰাণ্টীহীনতাই কংগ্রেছৰ প্রতি জনসাধাৰণৰ আস্থাহীনতাক অধিক গাঢ় কৰি তুলিছে৷