নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোলাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, উপৰখুটিৰ সোণালী জয়ন্তীৰ ব্যাপক প্ৰস্তুতি

🔹 কেইবাখনো উপ-সমিতি গঠন

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : ১৯৭৪ বৰ্ষত ভাৰত-ভূটান সীমান্তৱৰ্তী নৱগঠিত তামুলপুৰ জিলাৰ (পূৰ্বৰ কামৰূপ আৰু বাক্সা জিলাৰ) অন্তৰ্গত ভোলাঝাৰ উপৰখুটি গাঁৱত প্ৰতিষ্ঠা লাভ কৰা ভোলাঝাৰ অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্বৰূপ ভোলাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে চলিত বৰ্ষত গৌৰৱোজ্জ্বল পঞ্চাশটা বৰ্ষ অতিক্ৰম কৰিলে ৷ সেয়েহে বিদ্যালয়খনৰ পঞ্চাশ বছৰৰ ইতিহাস আৰু সোণালী জয়ন্তীৰ শুভ ক্ষণক যুগমীয়া কৰাৰ মানসেৰে ভোলাঝাৰ অঞ্চলবাসী ৰাইজৰ তৎপৰতা আৰু সহযোগত অহা ২৯, ৩০ আৰু ৩১ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে বিদ্যালয়ৰ সোণালী জয়ন্তীৰ ব্যাপক আয়োজন কৰিছে ৷ ইতিমধ্যে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে দিনে-নিশাই চলিছে ব্যাপক প্ৰস্তুতি ৷ আনহাতে, শেষ প্ৰসাদ উপাধ্যায়ক সভাপতি আৰু দুৰ্গা প্ৰসাদ বজগাইক মুখ্য সম্পাদক হিচাপে লৈ কেইবাখনো উপ-সমিতিৰে সোণালী জয়ন্তী উদযাপন সমিতি গঠন কৰা হয় ৷ সোণালী জয়ন্তী অনুষ্ঠনটিৰ গৌৰৱোজ্জ্বল সময়খিনক স্মৰণ-কীৰ্তনেৰে সাফল্যমণ্ডিত কৰিবলৈ ৰাইজৰ পৰামৰ্শ আৰু সহায়-সহযোগিতা কামনা কৰিছে সোণালী জয়ন্তী উদযাপন সমিতিয়ে ৷

প্ৰেৰক পৱন নাথ

You might also like