হাইটিত কাৰাগাৰ ভাঙি চাৰি সহস্রাধিক কয়দীৰ পলায়ন
🔹 অপৰাধী চক্রৰ আক্রমণত অস্থিৰ কেৰিবিয়ান ৰাষ্ট্র
🔹 জৰুৰী অৱস্থা ঘোষণা, ১২জন নিহত
বিশেষ বাৰ্তা, ৫ মার্চ : কেৰিবিয়ান ৰাষ্ট্র হাইটিৰ ৰাজধানী পোর্ট–আউ–প্রিন্সৰ এখন কাৰাগাৰত সশস্ত্র অপৰাধী চক্রই আক্রমণ চলাই ১২জন কয়দীক হত্যা কৰাৰ লগতে চাৰি সহস্রাধিকক পলুৱাই নিছে৷ এই ঘটনাক কেন্দ্র কৰি কেৰিবিয়ান দেশখনত সৃষ্টি হৈছে তীব্র অস্থিৰতা৷ হাইটিৰ চৰকাৰী অপৰাধী চক্রৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ হুংকাৰ দিয়াৰ লগতে ৭২ ঘণ্টীয়া জৰুৰী অৱস্থা জাৰি কৰিছে৷ কেইবাটাও অপৰাধী চক্রৰ নেতাই দেশখনৰ প্রধানমন্ত্রী আৰিয়েল হেনৰিৰ পদত্যাগ দাবী কৰি আহিছে৷ বর্তমান বিদেশ ভ্রমণ কৰি থকা প্রধানমন্ত্রীগৰাকীয়ে দেশখনৰ কুখ্যাত অপৰাধী চক্রবোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ লক্ষণীয়ভাৱে কেইবাটাও অপৰাধী গোটে ৰাজধানী পোর্ট–আউ–প্রিন্সৰ ৮০ শতাংশ অঞ্চল নিয়ন্ত্রণ কৰি আছে৷ ২০২০ চনৰ পৰা দেশখনত অপৰাধী গোটসমূহৰ মাজত সংঘটিত সংঘর্ষৰ ঘটনাত কেইবাহাজাৰো লোক নিহত হৈছে৷ উল্লেখনীয় যে অপৰাধী চক্রবোৰৰ মাজত ড্রাগ্ছ সৰবৰাহকে ধৰি বিভিন্ন বাণিজ্যক লৈ সঘনে চলি আহিছে সংঘর্ষ৷ এই সংঘর্ষৰ ফলত নিৰীহ লোক বলি হ’বলগীয়া হৈছে৷ ইফালে, চৰকাৰৰ এক বিবৃতিত সদৰী কৰা অনুসৰি, অপৰাধীয়ে দুখন কাৰাগাৰত আক্রমণ চলাইছে৷ এই কাৰাগাৰ দুখনৰ পৰা বন্দীসকলক পলুৱাই নিয়াৰ পিছতে ৰাষ্ট্রীয় নিৰাপত্তাৰ প্রতি আহি পৰিছে ভাবুকি৷ ইফালে, এই ঘটনাৰ পিছতে সন্দেহজনক বহু অপৰাধীক গ্রেপ্তাৰ কৰা হৈছে৷ ২০২১ চনত ৰাষ্ট্রপতি জ’ভেনেল মইজিক হত্যা কৰা কুখ্যাত অপৰাধীও গ্রেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে৷ স্মর্তব্য যে শেহতীয়াকৈ আফ্রিকান ৰাষ্ট্র কেনিয়া ভ্রমণ কৰি আছে প্রধানমন্ত্রী আৰিয়েল হেনৰিয়ে৷ কেনিয়া নেতৃত্বাধীন বহুদেশীয় নিৰাপত্তা বাহিনীক হাইটিলৈ অনাৰ বাবে আলোচনা কৰি আছে প্রধানমন্ত্রীগৰাকীয়ে৷