নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ টিকটত যুঁজিব ! তেলেংগানাৰ ৰাজ্যপালৰ পদ ত্যাগ তামিলিছাইৰ

বিশেষ বাৰ্তা, ১৮ মাৰ্চ : লোকসভা নিৰ্বাচন সমাগত। লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে তেলেংগানাৰ ৰাজ্যপালৰ পদ ত্যাগ কৰে তামিলিছাই সৌন্দৰৰাজনে ! সোমবাৰে তেওঁ তেলেংগানাৰ ৰাজ্যপালৰ পদৰ পৰা পদত্যাগ কৰে। প্ৰসংগক্ৰমে উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান নিৰ্বাচনী প্ৰচাৰৰ বাবে তেলেংগানাত আছে। সোমবাৰৰ পৰা কংগ্ৰেছশাসিত ৰাজ্যখনত মোদীয়ে তীব্ৰ প্ৰচাৰ আৰম্ভ কৰে। সোমবাৰে পুৱা তামিলিছাই সৌন্দৰৰাজনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰিছে পদত্যাগ-পত্ৰ। ইয়াৰ পিছতে আৰম্ভ হয় জল্পনা-কল্পনা। নিৰ্বাচনত যুঁজিবলৈ তামিলিছাই পদত্যাগ কৰিলে নেকি বুলি চৰ্চা আৰম্ভ হৈছে ! তামিলিছাই সৌন্দৰৰাজনে দীৰ্ঘদিন ধৰি তামিলনাডু বিজেপিৰ সভাপতি হিচাপে কাম কৰিছিল। পিছত তেওঁক তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়। সূত্ৰ মতে, আগন্তুক লোকসভা নিৰ্বাচনত গেৰুৱা শিবিৰে তেওঁক টিকট দিয়াৰ কথা ভাবিছে। দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে, তামিলিছাইক লোকসভাত যুঁজিবলৈ সাজু হ’বলৈ কোৱা হৈছে। শুনা গৈছে যে শীঘ্ৰে বিজেপিয়ে তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। তামিলিছাইৰ নাম চাগে তাতেই থাকিব। সম্ভৱতঃ বিজেপিয়ে তেওঁক উত্তৰ তামিলনাডু, পুডুচেৰী বা চেন্নাই দক্ষিণ কেন্দ্ৰৰ পৰা থিয় কৰাব।

You might also like