‘ঈশ্বৰ কণা’ৰ আৱিষ্কাৰক বিজ্ঞানী পিটাৰ হিগছৰ বিয়োগ
বিশেষ বাৰ্তা, ১১ এপ্রিল : ‘হিগছ ব’ছন’ তথা ‘ঈশ্বৰ কণা’ৰ আৱিষ্কাৰক ন’বেল বঁটা বিজয়ী বিজ্ঞানী পিটাৰ হিগছৰ দেহাৱসান ঘটিছে৷ স্কটলেণ্ডৰ ৰাজধানী এডিনবৰাত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ব্রিটিছ বিজ্ঞানীগৰাকীয়ে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৪ বছৰ৷ প্রায় পাঁচ দশক ধৰি এডিনবৰা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল হিগছে৷ পৰহি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এটা বিবৃতি সদৰী কৰা হয় যে সোমবাৰে নিজ বাসগৃহত দেহাৱসান ঘটিছে বিজ্ঞানীগৰাকীৰ৷ পিটাৰ হিগছ এগৰাকী মহান শিক্ষক তথা দূৰদর্শী বিজ্ঞানী আছিল৷ হিগছ আছিল পৰৱর্তী প্রজন্মৰ বিজ্ঞানীসকলৰ অনুপ্রেৰণাৰ উৎস৷