নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেৰুৰ মার্চেলিনোৰ বয়স ১২৪ বছৰ

🔹 বিশ্বৰ প্রবীণতম ব্যক্তি হৈও স্থান পোৱা নাই গীনিজ বুকত

বিশেষ বাৰ্তা, ১১ এপ্রিল : মাত্র কেইদিনমান পূর্বে সংবাদ মাধ্যমত প্রকাশ পাইছিল যে বিশ্বৰ আটাইতকৈ প্রবীণ ব্যক্তিগৰাকী উত্তৰ ইংলেণ্ডৰ বাসিন্দা৷ ১১১ বছৰীয়া ব্যক্তিগৰাকীৰ গীনিজ বুকত নাম আছে৷ কিন্তু এইবাৰ লেটিন আমেৰিকান ৰাষ্ট্র পেৰুই দাবী কৰিছে যে বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ ব্যক্তিগৰাকী পেৰুতহে আছে৷ ব্যক্তিগৰাকীৰ ১২৪ বছৰ৷ হুৱানুকো প্রদেশৰ মার্চেলিনো আবাড নামৰ ব্যক্তিগৰাকী বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ বুলি দাবী কৰিছে পেৰু চৰকাৰে৷ অৱশ্যে মার্চেলিনোৱে বিশ্ব ৰেকর্ড গঢ়িব পাৰিব নে নাই, সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ কাৰণ, গীনিজ ৱর্ল্ড ৰেকর্ডছৰ তৰফৰ পৰা এই সন্দর্ভত কোনো মন্তব্য আগবঢ়োৱা নাই৷ যোৱা ৫ এপ্রিলত জন্মদিন পালন কৰিছে মার্চেলিনোৱে৷ ১২টা দশক মার্চেলিনোৱে কেনেদৰে অতিক্রম কৰিলে, তাক লৈ সৃষ্টি হৈছে ৰহস্য৷ সংবাদ মাধ্যমত মার্চেলিনোৱে দাবী কৰে যে খাদ্যাভ্যাসৰ বাবে তেওঁ দীর্ঘ জীৱন লাভ কৰিছে৷ ফল–মূল অধিক পৰিমাণে খায় মার্চেলিনোৱে৷

You might also like