বিশেষ বাৰ্তা, ১২ এপ্রিল : নিজান ৰাতি দূৰৈৰ পৰা ভাহি অহা কুলি–কেতেকীৰ বিননিয়ে ইতিমধ্যে দিছে ঋতুৰাজ বসন্তৰ আগমনৰ বতৰা৷ বসন্তৰ চুমা পৰশত প্রকৃতিয়ে ন–ৰূপ লৈছে৷ চৌদিশে সেউজীয়াৰ সমাহাৰ৷ সৃষ্টিৰ নৱ উন্মেষ৷ এনে প্রাণ–প্রাচুর্যময় পৰিৱেশতে আকৌ আহিছে হেঁপাহৰ ব’হাগ৷ ‘জাতিৰ আয়ুস ৰেখা’ ব’হাগ মানেই বাপতিসাহোন ৰঙালী বিহু৷ অসমীয়া নৱবর্ষ৷ কাইলৈ চ’তৰ সংক্রান্তি–গৰু বিহু৷ অতিকৈ চেনেহৰ ৰঙালীৰ মধু আলোড়নত উন্মনা হৈ পৰিছে প্রতিজন অসমীয়াৰ মন৷ এইবাৰ ৰঙালী বিহুৰ বতৰতে ৰাজ্যত অনুষ্ঠিত হ’ব লোকসভা নির্বাচন৷ দেশৰ নির্বাচন আয়োগে অসমৰ ১৪টা সংসদীয় সমষ্টিৰ বাবে তিনিটা পর্যায়ত অহা ১৯, ২৬ এপ্রিল আৰু ৭ মে’ত ভোটগ্রহণৰ দিন স্থিৰ কৰিছে৷ তাৰ পূর্বে শাসক–বিৰোধী উভয় শিবিৰ নামি পৰিছে নির্বাচনী যুদ্ধক্ষেত্রত৷ সর্বত্র এতিয়া জনসভা–ৰোড শ্ব’ৰে নির্বাচনী প্রচাৰ৷ এনে নির্বাচনী ধামখুমীয়াৰ মাজতো কৃষিজীৱী অসমীয়াই প্রাণৰো প্রাণৰ ৰঙালী বিহুটিক আদৰিবলৈ সকলোধৰণে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ ঢোল–পেঁপা–টকা–গগনাৰ মাতত ৰজনজনাইছে দশোদিশ৷ গৰু বিহুৰ দিনা গো–ধনক মাহ–হালধিৰে নোৱাই-ধোৱাই নতুন পঘা দিয়াৰ বাবে প্রয়োজনীয় সকলো সামগ্রী যোগাৰ কৰিছে৷ গ্রাম্য জীৱনৰ সৈতে জড়িত গৰু বিহুৰ মাদকতা একবিংশ শতিকাৰ আধুনিক প্রযুক্তিবিদ্যাৰ গ্রাসত ক্রমাৎ টুঁটি আহিলেও ইয়াক পৰম্পৰাগতভাৱে পালন কৰাত ত্ৰুটি কৰা নাই কৃষক জনতাই৷ গৰু বিহুৰ পৰম্পৰা–আনুষ্ঠানিকতা অন্ত পৰাৰ পিছদিনাই অর্থাৎ পহিলা ব’হাগত অসমীয়াই পালন কৰিব মানুহ বিহু৷ অসমীয়া নৱবর্ষৰ আৰম্ভণিৰ দিনটোত পৰিয়ালৰ জ্যেষ্ঠ–কনিষ্ঠজন, আত্মীয় আৰু চেনাই ধনক বিহুৱান দিয়াটো প্রচলিত প্রথা৷ সম্প্রতি আধুনিকতাৰ কবলত নিজহাতে বোৱা বিহুৱান দিয়া প্রথাত কিছু ব্যাঘাত জন্মিলেও বিকল্প হিচাপে ইয়াৰ বাবে বজাৰত ভুমুকি মাৰিছে অনেকে৷ পিছে এইক্ষেত্রত সুবিধাবাদী এটা চক্রই এইবাৰো মুনাফা অর্জনত উঠি–পৰি লাগিছে৷ বহিঃৰাজ্যত পাৱাৰলুমত বোৱা আমদানিকৃত বিহুৱান বজাৰত উলিয়াই দি চক্রটোৱে কার্যতঃ অশনি সংকেত নমাই আনিছে অসমৰ চিৰপ্রবহমান পৰম্পৰালৈ৷ তাৰ মাজতে এটা সুখৰ খবৰ যে শেহতীয়াকৈ অসমীয়া গামোচাই ভৌগোলিক সূচক (জিআই টেগ) লাভ কৰিবলৈ সক্ষম হৈছে৷ তৎসত্ত্বেও মুনাফালোভী চক্রটোৱে নিজৰ ন্যস্ত স্বার্থ পূৰণত নামি পৰিছিল৷ অৱশ্যে ইয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগে ব্যাপক অভিযান চলোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে ৰঙালী বিহু চ’তৰ সংক্রান্তিৰ পৰা ব’হাগৰ ৬ তাৰিখলৈ মুঠ সাতদিন পালন কৰা হয়৷ প্রতিটো দিনকে সুকীয়াকৈ নামকৰণ কৰা হৈছে৷ গৰু বিহু আৰু মানুহ বিহুৰ পাছত বাকী পাঁচদিনত অসমীয়াই পালন কৰে ক্রমে গোসাঁই বিহু, তাঁতৰ বিহু, নাঙল বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু৷ যাক সাতবিহু ৰূপে জনা যায়৷ গোসাঁই বিহুৰ দিনা ভগৱানক স্তুতি কৰি বছৰটোৰ বাবে সকলোৰে মংগল কামনা কৰে অসমীয়া জনসাধাৰণে৷ অসমীয়া জাতীয় জনজীৱনৰ আদৰৰ সম্পক তাঁতশাল৷ এই তাঁতশালতে অসমীয়া শিপিনীয়ে সপোন ৰচে৷ তাঁতশালখনক মর্যাদা প্রদানৰ বাবে সাতবিহুৰ চতুর্থ দিনত পালন কৰা হয় তাঁতৰ বিহু৷ সেইদৰে প্রধানতঃ কৃষিকর্মত নির্ভৰশীল অসমীয়া কৃষক জনতাৰ অন্যতম এপদ সম্পদ হ’ল নাঙল৷ কৃষিকর্মক প্রাধান্য দি পঞ্চম দিনা নাঙল বিহু পালন কৰা হয়৷ সাতবিহুৰ ষষ্ঠ দিনা বিয়া হৈ যোৱা জীয়ৰী নিজ পিতৃ–মাতৃৰ ঘৰলৈ আহে৷ যাৰ বাবে সেই দিনটোক কোৱা হয় চেনেহী বা জীয়ৰী বিহু৷ সাত বিহুৰ শেষৰ দিনা হৈছে চেৰা বিহু৷ ইয়াক এৰা বিহু বুলিও কোৱা হয়৷ এই দিনটোত ১০১ বিধ শাক খোৱাৰ নিয়ম আছে৷ ৰঙালীক আদৰিবলৈ প্রতিজন অসমীয়াই ব্যস্ত হৈ পৰিলেও এনে উৎসাহত যেন কিছু হ’লেও চেঁচাপানী পেলাইছে বজাৰত দামবৃদ্ধিৰ জুয়ে৷ বিশেষকৈ নিম্ন মধ্যবিত্ত পৰিয়ালৰ বিহু আয়োজন চৰাদামে ম্লান কৰিছে৷ তাৰ মাজতে গুৱাহাটী মহানগৰীকে ধৰি উজনি–নামনিৰ বজাৰ ভৰি পৰিছে ফুলাম গামোচা, দৈ, ক্রীম, গুড়, হুৰুম, চিৰা আদি বিহুৰ নানাবিধ সামগ্রীৰে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– শেহতীয়াকৈ হোৱা বিধ্বংসী ধুমুহা–শিলাবৃষ্টিত ৰাজ্যৰ ভিন্ন প্রান্তত ৰবিশস্য আৰু ইৰি ধানৰ বিস্তীর্ণ কৃষিভূমি উছন হৈছে৷ মূৰৰ ঘাম মাটিত পেলাই ধাৰ–ঋণ কৰি কৃষিকার্যত ব্রতী হৈ লহপহীয়া কৰি তোলা পথাৰখন প্রাকৃতিক বিপর্যয়ে মাত্র কেইটামান মুহূর্তৰ ভিতৰতে উছন কৰাত চকুৰে ধোঁৱা–কোৱা দেখিছে ক্ষুদ্র–উপান্ত কৃষকসকলে৷ আনকি বহু পৰিয়ালৰ আশ্রয়স্থল ঘৰটোও ধুমুহা–শিলাবৃষ্টিত ধ্বংসস্তূপত পৰিণত হৈছে৷ তৎসত্ত্বেও বজাৰত সামগ্রীৰ জুই-ছাই দাম অথবা প্রকৃতিৰ তাণ্ডৱলীলা একোৱেই যেন বাধাৰ কাৰক হৈ থকা নাই পদূলিমুখৰ ৰঙালী বিহুটিক আদৰাৰ ক্ষেত্রত৷