নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ মাধমাৰ

ম্প্রতি সমগ্র বিশ্বতে সন্ত্রাসৰ কাৰক হৈ পৰিছে ন’ভেল ক’ৰোনা ভাইৰাছ বা কোভিড–১৯৷ চীনৰ হুবেই প্রদেশৰ য়ুহানত প্রার্দুভাৱ ঘটা এই ভাইৰাছবিধ বর্তমানপর্যন্ত পৃথিৱীৰ ৫৬খন দেশলৈ সংক্রমিত হৈছে৷ সংক্রমিত দেশৰ তালিকাত আছে ভাৰতো৷ অৱশ্যে ভাৰতত ক’ৰোনা ভাইৰাছে জটিল ৰূপ ধাৰণ কৰা নাই৷ সংবাদ মাধ্যমত প্রকাশিত তথ্য অনুসৰি দেওবাৰলৈকে ন’ভেল ক’ৰোনা ভাইৰাছত সমগ্র বিশ্বত আক্রান্ত হৈছে ৮৬,৯৮৬জন লোক৷ মৃত্যু ঘটা লোকৰ সংখ্যা তিনি সহস্রাধিক৷ অকল চীনতেই ৭৯,৮২৬জন লোক আক্রান্ত হোৱাৰ বিপৰীতে ২,৯৭৯জনৰ মৃত্যু হৈছে৷ চীনৰ পাছতেই আটাইতকৈ জটিল অৱস্থাৰ উদ্ভৱ হৈছে দক্ষিণ কোৰিয়াত৷ দেশখনত ক’ৰোনা ভাইৰাছত ৩,১৫০জন লোক আক্রান্ত হোৱাৰ তথ্য প্রকাশ পাইছে৷ ইৰানতো সংক্রমিত লোকৰ সংখ্যা হৈছেগৈ ৫৯৩জন৷ তদুপৰি দেশখনত ৫৪জন লোকৰ মৃত্যু ঘটিছে৷ ব্রাজিল, মেক্সিকো, নাইজেৰিয়া, নিউজিলেণ্ড, লিথুয়েনিয়া, বেলাৰুছ, ইটালী আদি দেশলৈও বিয়পিছে এই মাৰাত্মক প্রাণঘাতী ভাইৰাছবিধ৷ ইতিমধ্যে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই যোৱা ২৯ ফেব্রুৱাৰীত সর্বোচ্চ সংকট জাৰি কৰিছে৷ অনাগত সময়ছোৱাত যে ন’ভেল ক’ৰোনা ভাইৰাছে আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব, তাৰ সম্ভাৱনীয়তা এই মুহূর্তত নুই কৰিব নোৱাৰি৷ অৱশ্যে প্রতিখন দেশেই ইতিমধ্যে সাৱধানতামূলক বিভিন্ন ব্যৱস্থা গ্রহণ কৰিছে৷ পিছে অতি উদ্বেগজনক আন এক বিষয় হ’ল– জনস্বাস্থ্যৰ সমান্তৰালভাৱে মন্দাৱস্থাৰ গ্রাসত থকা বিশ্ব অর্থনীতিক অধিক বিপর্যয়ৰ দিশলৈ ঠেলি দিছে ন’ভেল ক’ৰোনা ভাইৰাছে৷ অকল চীনেই নহয়, বিশ্বৰ প্রায়বোৰ দেশৰেই অর্থনীতিত এই মাৰাত্মক ভাইৰাছবিধে বিৰূপ প্রভাৱ পেলাইছে৷ বিশেষকৈ এছিয়া, আমেৰিকা আৰু ইউৰোপ মহাদেশৰ অর্থনীতি ন’ভেল ক’ৰোনা ভাইৰাছে যে একপ্রকাৰ কোঙা কৰি পেলাব, তাৰ অশনি সংকেত পোৱা গৈছে৷ বিগত এটা সপ্তাহত ন’ভেল ক’ৰোনা ভাইৰাছৰ কাৰণেই বিশ্বৰ শ্বেয়াৰ বজাৰত লোকচান হৈছে ৫ ট্রিলিয়ন আমেৰিকান ডলাৰ৷ বিশ্ব অর্থনীতিৰ মন্দাৱস্থাক বাদ দি ২০০৮ চনৰ পাছত এয়া সর্বাধিক লোকচান ৰূপে বিশেষজ্ঞসকলে চিহ্ণিত কৰিছে৷ ন’ভেল ক’ৰোনা ভাইৰাছৰ আতংকত বিনিয়োগকাৰীসকলে বিভিন্ন খণ্ডৰ ব্যৱসায়ত বিনিয়োগ কৰিবলৈ আগ্রহ প্রকাশ কৰা নাই৷ অকল সেয়াই নহয়, ইতিপূর্বে বিনিয়োগ কৰা পুঁজি ঘূৰাই ল’বলৈও একাংশ বিনিয়োগকাৰীয়ে তৎপৰ হৈ পৰিছে৷ তদুপৰি আমেৰিকা, চীন, জাপান, অষ্ট্রেলিয়া, ইটালী, গ্রেট ব্রিটেইন, ইৰান, দক্ষিণ কোৰিয়া আদিৰ দৰে দেশৰ শ্বেয়াৰ বজাৰ অভাৱনীয় ক্ষতিৰ সন্মুখীন হৈছে৷

ন’ভেল ক’ৰোনা ভাইৰাছে ভাৰতত জটিল ৰূপ ধাৰণ কৰা নাই যদিও ই উল্লিখিত দেশকেইখনৰ দৰে ভাৰতৰ অর্থনীতিত মাধমাৰ শোধাইছে৷ ভাৰতৰ শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীয়ে এদিনতেই ৫.৫ লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ শুকুৰবাৰে ১,৪৪৮.৩৭ পইণ্টপর্যন্ত হ্রাস পাইছিল ছেনছেক্স৷ সেইদৰে নিফ্টী হ্রাস পাইছিল ৪৩১.৫৫ পইণ্ট৷ বিশেষজ্ঞসকলে অতি স্পষ্টভাৱে কৈছে যে ন’ভেল ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে ভাৰতৰ শ্বেয়াৰ বজাৰত এনেধৰণৰ অৱনমন ঘটিছে৷ শ্বেয়াৰ বজাৰৰ এনে পতনৰ লগে লগে ক্ষতিগ্রস্ত হৈছে দেশৰ বেংকিং, অটোম’বাইল, ধাতু, খাৰুৱ তেল আৰু গেছখণ্ড৷ দেশৰ কেইবাটাও বৃহৎ উদ্যোগ প্রতিষ্ঠানে ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এনে প্রতিষ্ঠানসমূহৰ ভিতৰত টাটা মটর্ছ, টাটা ষ্টীল, হিন্দালকো, বেদান্ত, টেক মহিন্দ্রা, জে এছ ডব্লিউ, ৰিলায়েন্স ইণ্ডাষ্ট্রিজ, এইচ ডি এফ চি বেংক, ইনফ’ছিছ আৰু বাজাজ ফাইনেন্স অন্যতম৷ এই প্রসংগত এক গুৰুত্বপূর্ণ তথ্য হ’ল ভাৰতৰ ধনকুবেৰ ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ অধ্যক্ষ মুকেশ আম্বানিয়ে ৫ বিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এনে প্রেক্ষাপটত ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰিবলৈ বিশ্ব সম্প্রদায়ে ঐক্যবদ্ধভাৱে আগবাঢ়ি অহাটোৱে হৈছে সময়ৰ আহ্বান৷ ইয়াৰ অন্যথা ‘শতাব্দীৰ আটাইতকৈ ভয়ংকৰ আক্রমণকাৰী’ ৰূপে চিহ্ণিত ন’ভেল ক’ৰোনা ভাইৰাছে প্রাণ কাঢ়ি নিয়া লোকৰ সংখ্যা বাঢ়ি যোৱাৰ সমান্তৰালভাৱে বিশ্ব অর্থনীতিকো যে অধিক ভয়ংকৰভাৱে পর্যুদস্ত কৰি পেলাব, সেয়া প্রায় নিশ্চিত৷

You might also like